CM Visit Silchar:
ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণ আৰু চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনত হোৱা মুষলধাৰ বৰষুনৰ ফলত ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানে লৈছে সংহাৰী ৰূপ ৷ উত্তৰ অসম আৰু বৰাক উপত্যকাৰ হাইলাকান্দি, কাছাৰ আৰু শ্ৰীভূমিত হোৱা বাঢ়নী পানীৰে ভয়ংকৰ ৰূপ লোৱাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত মঙলবাৰে উপস্থিত হয় বৰাক উপত্যকাত ৷ কাছাৰ জিলাৰ সদৰ শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰৰ গভৰ্নমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুল,শিলচৰ কেন্দ্ৰীয় বিদ্যালয়ৰ আশ্ৰয় শিৱিৰৰ লগতে আন চাৰিটা আশ্ৰয় শিৱিৰত বাহৰ পাতি থকা বানাক্ৰান্তক সাক্ষাৎ কৰি তেওঁলোকৰে মতবিনিময় কৰে ৷
