Drug addicts arrested in Hengerabari:
মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা৷ সময়ে সময়ে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আটক কৰি আহিছে যদিও কেতবোৰ অঞ্চলত সংগোপনে সৰবৰাহ হৈ আহিছে ড্ৰাগছৰ ৷
ড্ৰাগছৰ প্ৰতি আসক্ত হৈ বহুলোকৰ ঘৰ অন্ধকাৰছন্ন হৈ পৰিছে ৷ এনেক্ষেত্ৰত ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ৰাইজে নিজেই আৰম্ভ কৰিবলগীয়া হৈছে অভিযোগ ৷ মঙলবাৰে নিশা ৰাইজৰ ৰোষত পৰে ৩ ড্ৰাগছ সেৱনকাৰী ৷
হেঙেৰাবাৰীৰ ব্ৰজনাথ শৰ্মা উপ-পথত এখন ই- ৰিক্সাত সেৱন কৰি থকা অৱস্থাতে ৰাইজে ড্ৰাগছসহ হাতে-লোটে কৰায়ত্ত কৰে তিনি ড্রাগছ আসক্তক ৷ ড্রাগছ সেৱনকাৰী কেইজনৰ পৰা উদ্ধাৰ হয় ড্ৰাগছসহ কন্টেইনাৰ, চিৰিঞ্জ আৰু নগদ ধন ৷
উল্লেখ্য যে তিনি ড্ৰাগছ আসক্তই বিগত সাতদিন ধৰি এখন ই- ৰিক্সাত ড্ৰাগছ সেৱন কৰি আহিছিল ৷ ৰাইজে সেৱনকাৰী তিনিজনক কৰায়ত্ত কৰিবলৈ যাওতে ৰাইজক মাৰিবলৈ খেদি আহি যদিও পিছত ৰাইজৰ হাতত কৰায়ত্ত হয় ৷ আনহাতে পিচত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে ড্ৰাগছ সেৱনকাৰী তিনিজনক।