Kaziranga interceptor:
ক্ৰমাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেতবোৰ এলেকা ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ যাৰবাবে অভয়াৰণ্য খনৰ বহু বন্যজন্ত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ ৷
এনেক্ষেত্ৰত কাজিৰঙাৰ ৰাজপথত বন্যজন্তুৰ সুৰক্ষাৰ বাবে সষ্টম হৈ পৰিছে পৰিবহণ বিভাগৰ Interceptor বাহন। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ওখ স্থানলৈ খাদ্যৰ সন্ধানত যোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণত ব্যস্ত interceptor বাহন।
# কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলোৱাত নতুন নির্দেশনা জিলা আয়ুক্তৰ
কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলোৱাত নতুন নির্দেশনা বিশ্বনাথ জিলা আয়ুক্তৰ ৷ ৪০ কি:মি: ওপৰৰ বেগত যান-বাহন চলোৱাত নিষেধাজ্ঞা ৷
লাহৰিজানৰ পৰা খেৰবাৰীলৈ অভাৰটেক, হৰ্ণ বজোৱাত সম্পূর্ণ নিষেধাজ্ঞা কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাহন ৰখোৱাটো বাধাৰোপ কৰা হৈছে ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা জীৱ-জন্তুৱে আশ্ৰয় লৈছে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত লাহৰিজানৰ আৰু খেৰবাৰী অঞ্চলত ৷