Rajyasabha Election:
অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আসনখনৰ বাবে দলৰ ১৩ জন জ্যেষ্ঠ নেতাই আবেদন কৰিছে। ইয়াৰ বাবে অনুষ্ঠিত দলৰ ৰাজ্যিক নির্বাচন সমিতিৰ এখন বৈঠকত উক্ত ১৩ জনৰ নাম অন্তর্ভুক্ত কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰা হয়।
প্রার্থিত্বৰ দাবীদাৰ হোৱা ১৩ গৰাকী হ’ল- গুৱাহাটীৰ প্ৰাক্তন সাংসদ কুইন ওজা, শিলচৰৰ প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়, ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ মিছন ৰঞ্জন দাস, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই, অসম ৰাজ্যিক শিশু কল্যাণ আয়োগৰ প্ৰাক্তন অধ্যক্ষ ড° সুনীতা চাংকাকতি, প্রাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক ড° প্রদীপ ঠাকুৰীয়া, প্রাক্তন ৰাজ্যিক সম্পাদক ড° সঞ্জীৱ গোস্বামী, প্রাক্তন ৰাজ্যিক উপ-সভাপতি ড: দয়ানন্দ বৰগোহাঁই, প্রাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক ড: বিজয় কুমাৰ গুপ্তা, মহিলা মৰ্চাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ-সভানেত্রী মৃদুলা বৰকাকতি, দলৰ বৰ্তমানৰ সদস্য তথা অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহাল, বৰ্তমানৰ দলৰ ৰাজ্যিক সম্পাদক কনাড পুৰকায়স্থ আৰু প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক বিশ্বৰূপ ভট্টাচার্যী।
আবেদনকাৰীসকলৰ ভিতৰৰ মিছন ৰঞ্জন দাসে বর্তমান খালী হ’বলগীয়া আসনখনত প্রতিনিধিত্ব কৰি আছে। অহা ১৪ জুনত তেওঁৰ কার্যকাল শেষ হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসমৰ দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী, অসমৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু আদি এই বৈঠকত উপস্থিত থাকে।
# বিটিচিৰ নিৰ্বাচনক লৈয়ো আলোচনা
বৈঠকত অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি নির্বাচনক লৈয়ো আলোচনা কৰা হয়। বৈঠকৰ পাছত মুখ্যমন্ত্রী ড: শর্মাই সাংবাদিকৰ আগত সদৰী কৰে যে পৰিষদখনৰ নিৰ্বাচনত বিজেপিয়ে ৩০ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব লাগে বুলি প্রতিবেদন দাখিল কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘আমাৰ দলে কিমানটা সমষ্টিত প্রতিদ্বন্দিতা কৰিব তাৰ পর্যালোচনা কৰি প্রতিবেদন দাখিল কৰিবলৈ বিটিচিৰ পাঁচখন জিলাৰ বাবে পাঁচখন সমিতি গঠন কৰা হৈছে।
একোজনকৈ মন্ত্ৰী আৰু ৰাজ্যিক বিষয়ববীয়াক এই দায়িত্ব দিয়া হৈছে। তেওঁলোকে দাখিল কৰা প্ৰতিবেদনৰ বিতংকৈ আলোচনা কৰা হয়। প্রতিবেদনত বিজেপিয়ে ৩০ খন আসনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে বুলি উল্লেখ থাকিলেও এই সংখ্যাৰ পৰ্যালোচনা কৰিবলৈ এই সমিতি কেইখনক আমি কৈছো। আমি আচলতে ২৫ নে ৩০ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিম? যোৱাবাৰ আমি ২৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিলো। গতিকে সমিতিকেইখনক আৰু অলপ সময় দিয়া হৈছে।
জুলাইত আমি চূড়ান্ত সিদ্ধান্ত ল’ম।’ মুখ্যমন্ত্রীয়ে আৰু কয় যে বিজেপিয়ে বিটিচিত শান্তি আৰু সমন্বয়ৰে নির্বাচন খেলিব। কাৰণ বড়োভূমিত শান্তি অনাৰ কৃতিত্ব হ’ল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। গতিকে প্রমোদ বড়োৰ ইউপিপিএল আৰু হাগ্রামা মহিলাৰীৰ বিপিএফৰ লগতো বিজেপিয়ে সংঘাতময় পৰিৱেশৰে নিৰ্বাচন নেখেলে। তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইউপিপিএল হ’ল বিজেপিৰ মিত্ৰদল। অসম চৰকাৰতো ইউপিপিএলৰ মন্ত্রী আছে।
আকৌ বিপিএফে ৰাজ্যসভাৰ নির্বাচনত বিজেপিক সমর্থন জনাই আহিছে। এই প্রসংগতে অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠিত নতুন ৰাজনৈতিক দলটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সেই দলটোৰ সন্দৰ্ভত পর্যপ্ত তথ্য বিজেপিৰ লগত নাই। অৱশ্যে ব্যক্তিগত স্তৰত দৈমাৰীৰ লগত তেওঁৰ হোৱাটছএপত কথা-বতৰা হৈ থাকে। সেয়া যি কি নহওক, বিজেপি মুঠতে কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি নকৰে বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ লগতে কয়, ‘অনা-বড়ো লোকৰ নিৰাপত্তাৰ দিশত বিজেপি আছে। একে সময়তে বিজেপিয়ে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনক সম্মান জনায়। গতিকে বিটিচিত পৃথক ৰাজনীতিৰে বিজেপিয়ে নির্বাচন খেলিব।’
প্রসংগক্রমে মুখ্যমন্ত্রীয়ে সদৰী কৰে যে অক্টোবৰত শিলচৰ পৌৰসভাৰ নির্বাচন অনুষ্ঠিত হ’ব। এই বছৰৰে ডিচেম্বৰৰ ভিতৰত মিচিং আৰু সোণোৱাল-কছাৰী পৰিষদৰো নিৰ্বাচন অনুষ্ঠিত হ’ব। তদুপৰি ভোটাৰ তালিকাৰ কাম শেষ হ’লে মৰাণ আৰু মটক পৰিষদৰো নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে। অৱশ্যে এই নির্বাচনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা নকৰে। কমেও চাৰে চাৰি ঘণ্টা ধৰি বহা বৈঠকখনৰ জৰিয়তে বিজেপিৰ কর্মকর্তাসকলক বানাক্ৰান্তৰ কাষত থিয় দিবলৈকো আহ্বান জনোৱা হয় |