শাহিদ আৰু তেওঁৰ পত্নীয়ে টোপনিৰ ক্ষেত্ৰত আপোচ নকৰে। এই ভাল টোপনিৰ বাবে মীবায়ো বিশেষ আয়ুর্বেদিক পানীয় পান কৰে। মাত্র ২০ বছৰ বয়সতে শাহিদ কাপুৰৰ স’তে বিবাহপাশত আবদ্ধ হয়।
তথাপি মীৰাক দেখিলে কোনো নায়িকাতকৈ কম যেন নালাগে। মীৰা ৰাজপুতে সৌন্দর্য আৰু ফিটনেছৰ বাবেও অনুশীলন কৰে।
কিন্তু মীৰাৰ ফিটনেছৰ আচল ৰহস্য কোনো ধৰণৰ ডায়েট বা ব্যায়াম নহয়। বৰঞ্চ টোপনি শাহিদ আৰু তেওঁৰ পত্নীৰ সৌন্দৰ্যৰ ৰহস্য। এক সাক্ষাৎকাৰত মীৰাই কয় যে গোটেই দিনটো শক্তিশালী হৈ থাকিবলৈ বাতি ভাল টোপনিৰ প্ৰয়োজন।
শাহিদ আৰু তেওঁৰ পত্নীয়ে টোপনিৰ ক্ষেত্ৰত আপোচ নকৰে। এই ভাল টোপনিৰ বাবে মীৰায়ো বিশেষ আয়ুর্বেদিক পানীয় পান কৰে।
ইনস্টাগ্রামত এই বিশেষ পানীয়বিধৰ বিষয়ে কোৱাৰ সময়ত মীৰাই লিখিছে, ‘যোৱা ছসপ্তাহ ধৰি মই প্রতি নিশা শুবলৈ যোৱাৰ আগতে এই পানীয়বিধ খাই আহিছো।’
মীৰাৰ মতে এই আয়ুর্বেদিক পানীয়ই শৰীৰক আৰাম প্রদান কৰাই নহয়, ঋতুচক্ৰৰ লগত জড়িত ছালৰ সমস্যাও হ্রাস কৰে। এই পানীয়ই মগজুক শান্ত কৰাত সহায় কৰে।
শাহিদ আৰু তেওঁৰ পত্নীৰ ৰাতিৰ কটিনত একাপ গাখীৰ। মীৰায়ো তাত এচিকুট গুড়, হালধি আৰু এচামুচ ঘিউ মিহলাই দিয়ে। এই পানীয় স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই টোপনিৰ সমস্যা দূৰ কৰাৰ লগতে মানসিক চাপ কমোৱাত আৰু শৰীৰৰ প্রদাহ কমোৱাত সহায় কৰে।
মীৰাই আয়ুর্বেদত বিশ্বাস কৰে। ৰাতি শুবলৈ যোৱাৰ আগতে হালধি গাখীৰ খোৱাৰ বাহিৰেও তেওঁ আন এটা কাম কৰে। অর্থাৎ ভৰিত ঘিউ ঘাঁহ। মীৰাৰ মতে ভৰিত ঘিউ ঘঁহিলে টোপনি ভাল হয়।
ইয়াৰ উপৰি শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে ভৰি ফাটি যোৱাৰ সমস্যাও নাইকিয়া কৰে। ই মানসিক চাপ কমায় আৰু শৰীৰক আৰাম প্রদান কৰে। ইচ্ছা কৰিলে মীৰাৰ নাইট কেয়াৰ কটিনো মানি চলিব পাৰে।