Union Minister Sarbananda Sonowal in Norway:
কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ন’ৰৱেৰ অস্লোত ভাৰতীয় সামুদ্রিক কোম্পানীসমূহে বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ অনুষ্ঠানত উপস্থিত থাকে আৰু পাৰস্পৰিক সহযোগিতা তথা ভৱিষ্যতৰ ব্যৱসায়িক সুযোগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে।
জার্মানীৰ কার্স্টেন ৰাইডাৰ শ্বিফছমাক্লাৰ উন্ড ৰীডেৰাই জি এম বি এইচ এন্ড কোম্পানী কে জি আৰু গার্ডেন ৰিচ শ্বিপবিল্ডার্চ এণ্ড ইঞ্জিনীয়ার্চ লিমিটেড (জি আৰ এছ ই)ৰ মাজত অতিৰিক্ত ৪ খন ৭,৫০০ ডি ডব্লিউ টি বহুমুখী জাহাজ নিৰ্মাণৰ বাবে মেম’ ৰেণ্ডাম অৱ ইন্টেন্ট স্বাক্ষৰিত হয়। এই জাহাজসমূহত হাইব্রিড প্রপালচন থাকিব আৰু ই সাম্প্ৰতিক চাইবাৰ সুৰক্ষা নীতি মানি চলিব। জি আৰ এছ ইৰ কলকাতাৰ য়াৰ্ডত বর্তমানে নিৰ্মাণৰত ৮ খন এনে জাহাজৰ উপৰি এয়া হ’ব অতিৰিক্ত সংযোজন।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ ন’ৰৱে পেভিলিয়নলৈ যাত্ৰাৰ সময়ত ভাৰতৰ লাচেন এণ্ড টুব্র’ গ্রুপ আৰু ন’ৰৱেৰ দি এন ভিৰ মাজত একাধিক ক্ষেত্রত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত আছে জাহাজ নির্মাণ, অফশ্ব’ৰ আৰু সামুদ্রিক বিষয়, বন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, শক্তি ব্যৱস্থা, ঔদ্যোগিক সমাধান আৰু স্মার্ট আন্তঃগাঁথনি, বহনক্ষম, ই এছ জি, চফটৱেৰ, চাইবাৰ সুৰক্ষা, প্লেটফৰ্ম আৰু ডিজিটেল সমাধান, ব্যৱস্থাপনা আৰু প্ৰডাক্ট নিশ্চিতি আদি।
এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ন’ৰৱেজিয়ান পেভিলিয়নত যোগদান কৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয়। এই পেভিলিয়নে সামুদ্রিক উদ্ভাৱন, নৌযানৰ পৰম্পৰা আৰু ভৱিষ্যৎমুখী বহনক্ষম উন্নয়নৰ এক আকর্ষণীয় প্রদর্শন দাঙি ধৰিছে। সামুদ্রিক খণ্ডত ন’ৰৱে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। আমাৰ দীর্ঘদিনীয়া সহযোগিতা মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বহনক্ষম উন্নয়নৰ প্ৰতি যৌথ প্রতিশ্রুতিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কক শক্তিশালী কৰিছে।
আমি দুখন গৌৰৱান্বিত সামুদ্রিক ৰাষ্ট্ৰ, যাৰ দীৰ্ঘ উপকূলৰেখা আৰু সমৃদ্ধ সামুদ্রিক পৰম্পৰা আছে। আমি বুজি পাওঁ যে নীল অর্থনীতিৰ ভৱিষ্যৎ কেৱল উন্নয়নৰ ওপৰত নহয়-বহনক্ষম, সর্বাংগীণ আৰু স্থিতিস্থাপক বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। ন’ৰৱেৰ কোম্পানীসমূহৰ সৈতে বহু ভাৰতীয় কোম্পানীয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি সামুদ্রিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰতিশ্রুতিক অধিক গভীৰ কৰাটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয়।”
সৰ্বানন্দ সোণোৱালে আৰু কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে সেউজ জাহাজ পৰিবহণ কৰিডৰ, ডিকাৰ্বনাইজেচন প্রচেষ্টা, জাহাজ পুনঃচক্ৰণ আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰতো ওতপ্রোতভাৱে কাম কৰি আছে। ভাৰত-ন’ৰৱে টাস্ক ফর্চ অন ব্লু ইকনমি দুয়োখন দেশৰ গভীৰ সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্রিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ক্ষেত্ৰৰ উন্নয়ন ক্ষিপ্ৰ ৰূপান্তৰৰ মাজেৰে ত্বৰান্বিত হৈ আছে। আমাৰ চৰকাৰৰ অভিলাষী পদক্ষেপ যেনে সাগৰমালাৰ জৰিয়তে আমি বন্দৰৰ আন্তঃগাঁথনি আধুনিকীকৰণ, মাল্টিম’ডেল লজিষ্টিক উন্নত কৰা আৰু বন্দৰ নেতৃত্বাধীন উদ্যোগ বৃদ্ধিত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আছোঁ।