Himanta Viswa Sarma:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ স্বাগত সতীৰ্থ প’ৰ্টেল মুকলি কৰে ৷ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সভাত সতীৰ্থ প’ৰ্টেল মুকলি কৰাৰ লগতে গৱেষক শিক্ষাৰ্থীৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি ৷
মুখ্য সচিব ড:ৰবি কোটা আঁত ধৰা সভা খনত উপস্থিত থাকে অসম কেবিনেটৰ সকলো মন্ত্ৰী৷ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,তেওঁৰ চৰকাৰ অহাৰ পিছৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলক তেওঁলোকৰ অসুবিধা সমূহ দূৰ পৰ্যায়ক্ৰমে সহায় কৰাৰ বাবে পদক্ষেপ লৈ আহিছে ৷ ঠিকাভিত্তিক কৰ্মচাৰী সকলে আন আন নিয়মীয়া কৰ্মচাৰীৰ দৰে সা- সুবিধা দিয়াৰ হৈছে ৷শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ এক দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী কাৰ্যকৰী কৰাৰ লক্ষ্যেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে যৌথ বদলিৰ আদেশ পত্ৰ আজি মুকলি কৰা হ’ল ৷
কৰ্মচাৰী সকলে তেওঁলোকৰ বদলি আজি মুকলি কৰা স্বাগত সতীৰ্থ প’ৰ্টেলৰ জৰিয়তে লাভ কৰিব আদেশ পত্ৰ৷ এইয়া আমাৰ এক বহু আকাংক্ষিত পদক্ষেপ ৷কিয়নো আগতে বদলিৰ বাবে ৰাজধানীলৈ তাঁতবাটি কৰাৰ লগতে লাখ লাখ টকা উৎকোচ দিয়াৰ এক অসুস্থপৰিবেশৰ সৃষ্টি হৈছিল ৷ কিন্ত আমাৰ চৰকাৰে সম্পূৰ্ণ নিকা আৰু শূন্য সহনশীলতা নীতিৰে এই কাম সম্পন্ন কৰিলে ৷ শিক্ষক আৰু আৰক্ষীত কৰ্মৰত লোক সকলকো পৰ্যায় ক্ৰমে এনে সুবিধা দিয়াৰ চিন্তাচৰ্চা কৰিছে বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ মুঠ অনুমোদিত আবেদন আছিল ৪,৫০২ খন ৷ এই নতুন ব্যৱস্থাৰ জৰিয়তে উপকৃত হ’ব প্ৰায় ৯,০০৪ গৰাকী ৷ আনহাতে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গৱেষক শিক্ষাৰ্থী বাবে এককালীন সাহায্য হিচাপে চৰকাৰে আগবঢ়াব ২৫,ooo টকা আৰু দিবাংগ গৱেষক শিক্ষাৰ্থীক দিয়া হ’ব ৪০,ooo টকা ৷ ইয়াৰ বাবে আজি মুকলি কৰা হয় মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি ৷