Guwahati-N.Guwahati ferry service resumes: আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

ferry

Guwahati-N.Guwahati ferry service resumes:

যোৱা সপ্তাহত ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ-উপনৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বয় ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বন্ধ ৰখা হৈছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা ৷ শেহতীয়াকৈ বতৰ ফৰকাল হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত আভান্তৰীণ জল পৰিবহন বিভাগে আজিৰ পৰা পুনৰ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা চলাচলৰ সিদ্ধান্ত লয় ৷ উল্লেখ্য যে ছদিন ধৰি বন্ধ আছিল ফেৰী সেৱা

Exit mobile version