Horoscope:মেষ: খৰচ পাতি ৰোধ কৰাত যত্ন লওক। প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব। বিদ্যাত বেয়া নহয়। প্রেমত বাধা আছে। ৰাজনীতিত বিশেষ সতর্ক হওক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষ: মনটো দুর্বল থাকিলেও দুই-এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব। প্রেম-প্রীতিত মধ্যম। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত দৃঢ়তা থাকিব। কর্মস্থানত বাধা কম। স্বাস্থ্যও মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
মিথুন: মনৰ অৱস্থা মধ্যম। আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে। শৰীৰক অৱজ্ঞা কৰাটো উচিত নহ’ব। বিদ্যাত যত্ন থকাটো দৰকাৰ। আর্থিক ক্ষেত্রত মজলীয়া। কর্মত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ১।
কর্কট: অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব। সতীৰ্থৰ ধৰণ-কৰণ, কথা-বতৰাৰ প্ৰতি সজাগ থকাটো ভাল। ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।
সিংহ: মাজে মাজে অত্যন্ত নিৰাশাত ভোগাসকলে আশাৰ পোহৰ দেখিব পাৰে। শৰীৰো খুব বেয়া নাযাব। যোৱা দুই-তিনিদিনৰ তুলনাত আপোনাৰ চেষ্টা সংযোগত উন্নতি হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
কন্যা: কর্মক্ষমসকলে অসুবিধাৰ মাজেৰেও অগ্রগতি কৰিব পাৰিব। বিশাখাৰ জাতকৰ বাহিৰে বাকী দুই নক্ষত্ৰৰ বাবে ভ্রমণ নতুন যোগাযোগৰ বাবে উপযুক্ত নহ’ব। দাম্পত্যতো চিন্তা এৰাব নোৱাৰিব। শুভ ৰং ৰঙা। শুভসংখ্যা ৪।
তুলা: মন কিছু নিষ্প্রভ হ’লেও দুই-এটা সংঘাত এৰাব পৰা টান। আবেগ-প্ৰৱণতাক সমূলি বিশ্বাসত নল’ব। আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
বৃশ্চিক: আজি আপোনাৰ চেষ্টা বা যত্ন কিছু কামত আহিব। অপেক্ষাৰত কোনোৱে সুসংবাদ লাভ কৰিব। ধন খৰচ হ’লেও মূলতঃ কামত আহিব। ধর্মীয় চিন্তাবিদে অনুপ্রাণিত হ’ব। দাম্পত্যত শুভ। শুভ ৰং ৰঙা। শুভসংখ্যা-৭।
ধনুঃ প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল। মূল কথাৰ প্ৰতি সজাগ থকা ভাল। শৰীৰ বা পৰিৱেশ মনঃপুত নহ’ব। অৱশেষত কোনোৱে নতুন আশা দেখি উৎসাহিত সামান্য হ’লেও হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
মকৰ: অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে। তেনে সন্তানৰ বাবে প্ৰস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব। বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা। দাম্পত্যত অসুস্থতা দেখা যায়। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।
কুম্ভ: কর্মক্ষেত্রত জটিলতা কিছু হ্রাস অনুভৱ। আপোনাৰ দুৰদৰ্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব। বন্ধু-বৰ্গৰ ভালেই। দাম্পত্যত থকা উৎকণ্ঠা নিয়ন্ত্রিত হ’ব। মনলৈ দৃঢ়তা আনক। পঢ়াত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
মীন: শৰীৰ বা মনৰ সংঘাত দেখা যায়। কিছুমান পূৰ্বৰ কথাৰ বাবে অংক মিলাব পৰাটো কষ্ট হ’ব। দাম্পত্যত মধ্যম। হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৮।