Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল

flood 1

Artificial Flood:

বিগত তিনিটা দিনত অব্যাহত থকা উৎকট গৰমৰ মাজতে কিছু সকাহ দি শনিবাৰে দুপৰীয়া অহা এজাক বৰষুণে শাত পেলালে মহানগৰবাসীক ৷আনহাতে কিছু সময়ৰ বাবে এজাক মুষলধাৰ বৰষুণতেই জলমগ্ন হ’ল মহানগৰীৰ একাধিক অঞ্চল ৷

ADVERTISEMENT

বিশেষকৈ মহানগৰীৰ চাৰ্ভে ,হাতীগাঁও আৰু ৰুক্মিণীগাঁৱত বৰষুণৰ ফলত ৰাজপথ হৈ পৰে জলমগ্ন ৷ যাৰবাবে পথচাৰী আৰু যানবাহন চলাচলত অসুবিধাৰ সৃষ্টি হয় ৷

উল্লেখ্য যে ,এজাক বৰষুণ দিলেই মহানগৰীৰ অধিকাংশ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো চিৰাচৰিত ঘটনাত পৰিণত হৈছে ৷ চলিত মাহৰ প্ৰথম মাহত হোৱা নেৰানেপেৰা বৰষুণত মহানগৰীৰ বাট- পথ ,আবাসী অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল ৷ একপ্ৰকাৰ জীৱনযাত্ৰা ব্যাহত হৈ পৰিছিল ৷ ইয়াৰ পিছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ জিএমচিয়ে চেগাচোৰোকাকৈ কিছু কিছু অঞ্চলৰ নলা- নৰ্দমা চাফা কৰিছে যদিও চাৰ্ভে আৰু ৰুক্মিণীনগৰত স্থায়ী ফলপ্ৰসূ পদক্ষেপ নোলোৱাৰ বাবে পুনৰ এজাক বৰষুণত জলমগ্ন হয় অঞ্চলত কেইটাত |

Exit mobile version