Uttarakhand: উত্তৰাখণ্ডত দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী হেলিকপ্টাৰ। কেদাৰনাথ ধামৰ পৰা গুপ্তকাশী অভিমুখী পথত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। পাইলটকে ধৰি ছয়জন লোক আছিল জাহাজখনত।
যাত্ৰীসকলৰ মাজত এটা শিশুও আছিল। প্ৰথম অৱস্থাত বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
যাত্ৰীসহ কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ গৈ আছিল হেলিকপ্টাৰখন। নিয়ন্ত্ৰণ হেৰুৱাই গৌৰীকুণ্ড অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয়। উদ্ধাৰ অভিযান আৰম্ভ হৈছে।দুৰ্ঘটনাগ্ৰস্ত কপ্টাৰখনৰ কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে।
দুৰ্ঘটনাগ্ৰস্ত কপ্টাৰখনৰ কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ।
কপ্টাৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।
তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ৰুদ্ৰপ্ৰয়াগ জিলাত হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পাইছো। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দল ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে। উদ্ধাৰৰ কাম চলি আছে। সকলো যাত্ৰীৰ সুৰক্ষাৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”