Air India Flight:পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানে সৃষ্টি কৰিছে আতংকৰ । উত্তৰ প্ৰদেশৰ হিন্দন বিমানবন্দৰৰ পৰা কলকাতা অভিমুখী বিমানত যান্ত্ৰিক সমস্যাৰ সৃষ্টি । আতংকিত যাত্ৰীসকলে কিছু সময় ৰাণৱেতে অপেক্ষা কৰিবলগীয়া হয়।শেষত অৱশ্যে বিমানখনে উৰণৰ সমস্যা সমাধান কৰি নিৰাপদে উৰা মাৰিলে।
দেওবাৰে বিয়লি উৰণৰ ঠিক পূৰ্বে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX নং ১৫১১ বিমানত যান্ত্ৰিক বিজুতি ধৰা পৰে। পাইলটজনে কোনো ধৰণৰ ৰিস্ক ল’ব বিচৰা নাছিল।
অভিযন্তাসকলে বিমানখন পৰীক্ষা কৰি সমস্যাটো সমাধান কৰে। ইয়াৰ বাবেই বিমানখনে প্ৰায় এঘণ্টা পলমকৈ উৰা মাৰিলে। আতংকিত যাত্ৰীসকলে ৰাণৱেত ৰৈ থাকিল। এক বিবৃতিত এয়াৰ ইণ্ডিয়াই এই সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে।
লগতে কয় যে,যদি কোনো যাত্ৰীয়ে যাত্ৰা বাতিল কৰে তেন্তে টিকটৰ সম্পূৰ্ণ মূল্য ঘূৰাই দিয়া হ’ব।
বৃহস্পতিবাৰে ভাৰতত দ্বিতীয় বৃহত্তম আকাশ দুৰ্যোগৰ সাক্ষী হয়। লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত হয়।
বিমানখনত যাত্ৰী, ক্ৰু মেম্বাৰ আৰু পাইলটকে ধৰি মুঠ ২৪২ জন লোক আছিল। দুৰ্ঘটনাত এজন যাত্ৰীৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়।
যদিও ক্ৰমান্বয়ে আহমেদাবাদ বিমানবন্দৰত বিমানৰ কাম-কাজ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, তথাপিও আকাশৰ আতংক শেষ হোৱা নাই!