জলা তৰকাৰী খাবলৈ বহুতেই পছন্দ কৰে। বহুতে আকৌ জলা আঞ্জা-তৰকাৰী খাবলৈ বেয়া পালেও ভাতৰ পাতত কেঁচা জলকীয়া লাগিবই।
কিন্তু শেহতীয়া এক গৱেষণা অনুসৰি, অত্যধিক পৰিমাণৰ জলা খাদ্য বা মাত্রাধিক জলকীয়া খোৱাৰ অভ্যাসে স্মৃতিশক্তিৰ বিলোপ ঘটাব পাৰে।
প্ৰায় চাৰি হেজাৰ পাঁচশ মানুহক লৈ কৰা এক সমীক্ষাত দেখা গৈছে যে যিসকলে প্রতিদিনে ৫০ গ্রাম জলকীয়া খায়, তেওঁলোকৰ স্মৃতিশক্তি হ্ৰাসৰ প্ৰৱণতা দ্বিগুণ হয়। গৱেষণাত পোৱা গৈছে আন এক আশ্চৰ্যকৰ তথ্য।
যি লোকৰ একেৰাহে ১৫ বছৰ ধৰি মাত্ৰাধিক জলকীয়া খোৱাৰ অভ্যাস আছে, তেওঁলোকৰ ৫৬ শতাংশ স্মৃতিশক্তি লোপ পায়। বহুতেই ধাৰণা কৰে যে জলকীয়াত থকা কেপচাইছিনে মানুহৰ বুদ্ধি প্ৰখৰ কৰে। কিন্তু প্ৰকৃততে সেই ধাৰণা ভুল।
মাত্ৰাধিক কেপচাইছিন স্নায়ুৰ যন্ত্ৰণা দূৰ কৰাত সক্ষম। সেই বাবেই হয়তো লাহে লাহে স্মৃতিশক্তি লোপ পায়। কাতাৰ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে চলোৱা এই সমীক্ষাত লগতে দেখা গৈছে যে অত্যধিক জলকীয়া খোৱাৰ কাৰণে মানুহৰ মাজত এলঝেইমাৰৰ ৰোগৰ আশংকাও দেখা দিয়ে।