Horoscope :মেষ: পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
বৃষ: দিনটো উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কৰ্মতো মন চঞ্চল হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব। আৰ্থিকতো চিন্তা। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মিথুন: আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাতো চিন্তা কম যদিও ব্যস্ততা থাকিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।
কর্কট: কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সম্মুখীন হ’লেও দুশ্চিন্তা নকৰিব। শুভ ৰং কমলা, শুভ সংখ্যা ৭।
সিংহ: অধীৰ আগ্ৰহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। আবেলি কিছু উন্নত। শুভ ৰং হালধীয়া। শুভ সংখ্যা-১।
কন্যা: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান। ব্যৱসায়ত মধ্যম ফল পাব। শুভ ৰং বগা। শুভ সংখ্যা ২।
তুলা: কৰ্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। বিদ্যাত উন্নতি। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
বৃশ্চিক: পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৩।
ধনু: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যত তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৪।
মকৰ: মনত ফৰকাল নাৰাখিব। কৰ্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণত কষ্ট। শুভৰং সেউজীয়া। শুভ সংখ্যা ২।
কুম্ভ: নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। শুভ বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব। সুকুমাৰ কলা শিল্পত অনুকূল। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।
মীন: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক কিছু হ’লেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।