Pune: পুণেৰ ইন্দ্রায়নী নদীৰ উপৰত ভাঙি পৰিল দলং! দেওবাৰে দুপৰীয়া সংঘটিত দুৰ্ঘটনাৰ সময়ত দলঙৰ পৰা প্ৰায় ২০ জন লোক নদীত বাগৰি পৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ইয়াৰে পাঁচ ছজনক উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ১০-১৫জন লোক।
নদীৰ প্ৰবল সুতে কেবাজনো লোক উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে জনাই, এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হৈছে। ৩২ জন লোক আহত হৈছে, ইয়াৰে ছজনৰ অৱস্থা সংকটজনক।
ঘটনাস্থলীত জিলা প্ৰশাসন, আৰক্ষী আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলাই। ঘটনাস্থলীলৈ ১৫খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে।
পুনেৰ পিম্পৰী-চিঞ্চৱাদ থানা এলেকাৰ কুণ্ডমালা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ইন্দ্ৰায়নী নদীৰ কাষৰ এই পুৰণি দলংখন পৰ্যটকৰ অন্যতম প্ৰিয় স্থান।বন্ধৰ দিনত নদীৰ পাৰত আৰু পুৰণি দলংখনলৈ বহু পৰ্যটকৰ ভিৰ হয়।
দেওবাৰে দলংখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলতো পৰ্যটকৰে ভিৰ কৰে। দুৰ্ঘটনাত উটি যোৱাসকলৰ অধিকাংশই পৰ্যটক আছিল বুলি আশংকা কৰা হৈছে।
স্থানীয় এক সূত্ৰৰ মতে, ভাঙি পৰা দলঙৰ তলত আবদ্ধ হৈ আছে দুগৰাকী মহিলা। তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ পৰা ফাদনভিছে স’তে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ঘটনাটোত শোক প্ৰকাশ কৰি দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
স্থানীয় বিধায়ক সুনীল শ্বেলকে জনাই , দলংখন মূলত কৃষকৰ যাতায়তৰ বাবে নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰ্যটকৰ ওজন আৰু বাইক যাতায়তৰ বাবে দলংখন ভাঙি পৰে। প্ৰশাসনে নিষেধাজ্ঞা স্বত্তেও দলঙত জনসমাগমৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।