David Warner does not travel on Air India flights:
আহমেদাবাদৰ বিমান দুর্ঘটনাত বাৰুকৈয়ে আতংকিত হৈ পৰিছে ডেভিদ ৱাৰ্ণাৰ। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্রিকেটাৰজনে ভৱিষ্যতে কেতিয়াও এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠাৰ সিদ্ধান্ত লৈছে।
ভাৰতলৈ আহিবলগীয়া হ’লেও তেওঁ আন সংস্থাৰ বিমানতহে আহিব। সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াৰ বিমানৰ দুৰ্দশাৰ এটা ভিডিঅ’ প’ষ্ট কৰি ৱাৰ্ণাৰে লিখিছে, ‘এই দৃশ্য যদি সঁচা, তেন্তে অত্যন্ত মর্মান্তিক।
ক্ষতিগ্রস্ত সকলো পৰিয়াললৈ সমবেদনা জনাইছো। ভবিষ্যতে কেতিয়াও এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্রমণ নকৰো। তেওঁলোকৰ স’তে মোৰ শেষ সাক্ষাৎ হৈ গ’ল।’
উল্লেখ্য যে আন্তর্জাতিক ক্রিকেট আৰু আইপিএলৰ বাবে প্ৰায় প্ৰতি বছৰে ৱাৰ্ণাৰ ভাৰতলৈ আহে। সেয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্ৰমণ কৰাৰ অভিজ্ঞতা তেওঁৰ আছে।