Nalbari Murder Incident:
নলবাৰীৰ বৰভাগত লোমহৰ্ষক হত্যাকাণ্ড | ভাতৃৰ উপৰ্যপুৰি আক্ৰমণত নিহত হ’ল ককায়েক | নিহত ব্যক্তিজন বিষ্ণু তালুকদাৰ | ভাতৃ হেমেন তালুকদাৰৰ বিৰুদ্ধে বিষ্ণু তালুকদাৰক ৰডৰে আক্ৰমণ কৰাৰ অভিযোগ | বৰভাগৰ ৰাইটকুছিত শনিবাৰে নিশা সংঘটিত এই ঘটনা |
ADVERTISEMENT
দুয়োৰে মাজত মাটি -বাৰীক কেন্দ্ৰ কৰি দীৰ্ঘদিনে চলি আহিছিল সংঘাত | শনিবাৰে এই সংঘাতে চুড়ান্ত ৰূপ লয় | মাৰপিটৰ ফলত আঘাতপ্ৰাপ্ত হৈ মহানগৰীত চিকিৎসাধীন অৱস্থাত আক্ৰমণকাৰী হেমেন তালুকদাৰ | ভাতৃ হেমেনৰ আক্ৰমণত নিহত বিষ্ণু তালুকদাৰৰ পুত্ৰয়ো ঘটনাত কিছু পৰিমাণে আহত হৈছিল যদিও সম্প্ৰতি সূস্থ বুলি জানিব পৰা গৈছে | ঘটনা সন্দৰ্ভত কমাৰকুছি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত |