Van Gogh:বিশ্বখ্যাত চিত্রশিল্পী ‘ভেন গঘ’ নামেৰে নামকৰণ কৰা ইটালীৰ বিখ্যাত যাদুঘৰৰ চকীখন ভাঙিলে এজন পর্যটকে। দেশখনৰ ভেৰোনা চহৰস্থিত পালাজো মাফেই সংগ্রহালয়ত ৰখা হৈছিল এই চকীখন।
যাদুঘৰৰ প্ৰদৰ্শনী উপভোগ কৰাৰ সময়ত এক পর্যটক দম্পতীৰ অবিবেচক তথা অমনোযোগী কাণ্ডৰ বাবেই এই অভাৱনীয় ঘটনা সংঘটিত হয়।
ইয়াক লৈ দেশখনৰ চৌদিশে ক্ষোভৰ সৃষ্টি হৈছে। এই ভেন গঘ চকী হৈছে ইটালীৰ শিল্পী নিক’লা ব’ল্লাৰ এক সুকুমাৰ চিত্ৰকৰ্ম। ভেন গঘৰ চিত্ৰকৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈ ব’ল্লাই ভেন গঘ চকী সৃষ্টি কৰে।
এই চকী স্ফটিকৰে তৈয়াৰী। এই স্ফটিক অষ্ট্রিয়াত উৎপাদনকৃত। এই চকীখনেই আছিল উক্ত যাদুঘৰটোৰ প্ৰদৰ্শনীৰ মূল আকর্ষণ। ইতিমধ্যে বিশ্বৰ অগণন লোকে চকীখনৰ সৌন্দৰ্য উপভোগ কৰিছে।
গতিকে চকীখন ভাঙি পৰাৰ বাবে চৌদিশে ক্ষোভৰ সৃষ্টি হৈছে। পৰ্যটক দম্পতীৰ অবিবেচক কর্মকাণ্ডৰ ফলত সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
এনে ভিডিঅ’ত দেখা গৈছে যে যাদুঘৰৰ ভিতৰত উক্ত দম্পতীৰ পুৰুষজনৰ ফটো তোলে তেওঁৰ পত্নীয়ে। যাদুঘৰৰ ভিতৰত বিভিন্ন কোণত লোকজনে ফটোৰ বাবে প’জ দি থকাৰ সময়তে এবাৰ তেওঁ চকীখনত বহিবলৈ ধৰে।
পৰ্যটকজনে চকীখনত হাত থৈ বহাৰ সময়তে হৃৰমূৰকৈ চকীখন ভাঙি পৰে। ঘটনাটো সংঘটিত হোৱাৰ মুহূৰ্তৰ ভিতৰতে পত্নীসহ তেওঁ যাদুঘৰৰ পৰা উধাও হয়।
উল্লেখ্য যে উক্ত যাদুঘৰৰ কোনো সৃষ্টিকর্ম দৰ্শনকাৰীসকলক চুবলৈ দিয়া নহয়। যাদুঘৰৰ নিৰাপত্তাৰক্ষীয়ে এই সংক্রান্তীয় কঠোৰ নিৰ্দেশ জাৰি কৰি থৈছে। তৎসত্ত্বেও এই পর্যটক দম্পতীয়ে ফটো তোলাৰ সময়ত অভাৱনীয় ঘটনাটো সংঘটিত কৰে।
ফলত যাদুঘৰৰ মূল আকর্ষণেই হেৰাই গ’ল। যাদুঘৰ কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি, পৰ্যটকজনৰ দেহৰ ওজন বহন কৰিব নোৱাৰাৰ ফলত চকীখন ভাঙি পৰে। ঘটনাটো যাদুঘৰৰ চিচি টিভি কেমেৰাতো ধৰা পৰিছে।
ইতিমধ্যে ভঙা চকীখন মেৰামতিৰ বাবে কর্তৃপক্ষই যথা স্থানলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে মাত্র ৩৭ বছৰ বয়সতে দুহেজাৰৰ অধিক চিত্র অংকন কৰি ভেন গঘে সমগ্র বিশ্বক স্তম্ভিত কৰি গৈছে। তেওঁৰ শিল্পকর্মসমূহৰ অন্যতম হ’ল- ‘দ্য ষ্টেৰী নাইট’।