Firecracker:উত্তৰ প্ৰদেশৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত চাৰিগৰাকী মহিলাৰ মৃত্যু। সোমবাৰে বিয়লি উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰজাবপুৰ থানা এলেকাৰ অন্তৰ্গত আতৰাছি গাঁৱত সংঘটিত বিস্ফোৰণত আৰু নজন লোক অগ্নিদগ্ধ হয়। ইতিমধ্যে লোক কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে বিয়লি এক তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। দুৰ্ঘটনাস্থলীৰ ভিডিঅ’ ফুটেজত আতচবাজী কাৰখানাটোৰ এটা অংশ ভাঙি পৰা দেখা গৈছে।
আমৰোহা জিলা আৰক্ষীয়ে ফটকা কাৰখানাটোৰ অনুজ্ঞাপত্ৰ থকা বুলি জানিবলৈ দিয়ে। ছ’চিয়েল মিডিয়াত আৰক্ষীয়ে জনোৱা মতে, আতৰাছি গাঁৱৰ অনুজ্ঞাপত্ৰ থকা ফটকা কাৰখানাত বিস্ফোৰণ সংঘটিত হয়।
বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ আহত নজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে চাৰিগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।আমৰোহা জিলা আৰক্ষীয়ে অঞ্চলটোৰ আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক বুলি জানিবলৈ দিয়ে।
বিস্ফোৰণটো কেনেকৈ সংঘটিত হয় তাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এখন কমিটী। কমিটীখনত আমৰোহৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বিদ্যুৎ বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকল।