Census: দেশত দুটা পর্যায়ত অনুষ্ঠিত হ’ব লোকপিয়ল৷ সোমবাৰে জাৰি কৰা এক বিজ্ঞপ্তি এই কথা ঘোষণা কৰে কেন্দ্ৰই। তথ্য অনুসৰি, ২০২৬ চনৰ এক অক্টোবৰৰ মাজনিশাৰ পৰা লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হ’ব।
আনহাতে, ২০২৭ চনৰ এক মাৰ্চৰ মাজনিশাৰ পৰা দেশৰ বাকী ৰাজ্যসমূহত লোকপিয়ল আৰম্ভ হ’ব।
লোকপিয়লৰ প্ৰথম পৰ্যায়ত ঘৰৰ আয়, ধন-সম্পত্তি, বাসগৃহ বা ঘৰৰ অৱস্থা, আৰু সুবিধাৰ স’তে জড়িত তথ্য সংগ্ৰহ কৰা হ’ব।
এই পৰ্যায়টোক ‘হাউছলিষ্টিং অপাৰেচন (HLO) বুলি কোৱা হয়। এইবাৰৰ লোকপিয়ল সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পূৰ্ণ হ’ব। গতিকে প্ৰথমবাৰৰ বাবে মানুহে ঘৰৰ পৰাই প্ৰশ্নৰ উত্তৰ দিব পাৰিব।
দ্বিতীয় পৰ্যায়ত পৰিয়ালৰ প্ৰতিজন সদস্যৰ আৰ্থ-সামাজিক তথ্যকে ধৰি বিভিন্ন ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হ’ব।
এই পৰ্যায়টোক ‘জনসংখ্যা গণনা’ বোলা হয়। এইবাৰ প্ৰথমবাৰৰ বাবে লোকপিয়লৰ সমান্তৰালকৈ জাতি জনগণনাও কৰা হ’ব।
যোৱা মাহত কেন্দ্র তৰফৰ পৰা জনোৱা হৈছিল, লোকপিয়লৰ সমান্তৰালকৈ এইবাৰ জাতি জনগণনাও কৰা হ’ব৷ তিনিটা বিষয়ৰ ওপৰত কৰা হ’ব লোকপিয়ল।
এটা, এটা ঘৰত মানুহৰ সংখ্যা, তেওঁলোকৰ বাসস্থানৰ সংখ্যা আৰু এটা বাসগৃহত কিমান মানুহ থাকে। অৰ্থাৎ দেশৰ জনসংখ্যাৰ লগতে ঘৰৰ সংখ্যাও লোকপিয়লত অন্তৰ্ভুক্ত হ’ব।ইয়াৰ লগতে জাতি জনগণনাও অন্তৰ্ভুক্ত কৰা হৈছে। যিটো কংগ্ৰেছকে ধৰি বিৰোধীয়ে দাবী কৰিছিল।
কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি জাতি জনগণনা অন্তৰ্ভুক্ত হোৱাৰ বাবে এইবাৰৰ লোকপিয়ল প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া হ’বলৈ গৈছে। কাৰণ, লোকপিয়লৰ সমীক্ষাত পূৰ্বতকৈ বহু বেছি সংখ্যক প্ৰশ্ন সংযোজন কৰা হৈছে। যাৰ ফলত খৰচো বৃদ্ধি পাব।
প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়। কিন্তু ২০১১ চনৰ পাছত এই দেশত কোনো লোকপিয়ল হোৱা নাই।যদিও ২০২১ চনত লোকপিয়ল অনুষ্ঠিত হ’ব লাগিছিল, কৰ’না মহামাৰীৰ বাবে পিছুৱাই দিয়া হ’ল।
ইয়াৰ পাছত ২০২৩ চনত লোকপিয়ল হ’ব পাৰে বুলি চৰ্চা চলিছিল যদিও নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে সেই পথ নল’লে।
উল্লেখ্য যে, মোডীৰ চৰকাৰৰ যুগত এটাও লোকপিয়ল হোৱা নাছিল। ইয়াৰ ফলত চৰকাৰৰ ভিতৰত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছিল। অৱশেষত কেন্দ্রই যোৱা বছৰ লোকপিয়ল চলোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷