বর্তমান সময়ত বহু গ্রাহক-উপভোক্তাই বিত্তীয় লেনদেন অনলাইনতে সম্পন্ন কৰে যদিও তাৰ মাজতে নগদ ধন উলিয়াবলৈ হ’লে সকলোৱে বেংক বা এটিএমলৈ যোৱাটোকে অগ্রাধিকাৰ দিয়ে।
সাধাৰণতে আমি ডেবিট কার্ড বা ক্রেডিট কার্ড ব্যৱহাৰ কৰি এটিএমৰ পৰা ধন উলিয়াও। কিন্তু ডিজিটেল যুগত কেৱল প্রযুক্তিৰ ক্ষেত্ৰতে নহয়, বেংকিং ব্যৱস্থাতো বৃহৎ এক পৰিৱৰ্তন আহিছে। প্ৰযুক্তিৰ উত্তৰণ আৰু ব্যাপক প্ৰসাৰৰ বাবেই আজিৰ তাৰিখত কার্ডবিহীনভাবে এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধাও গ্ৰাহকৰ বাবে উপলব্ধ হৈছে।
দেশৰ বহু আগশাৰীৰ বেংকিং প্রতিষ্ঠানে ইউনাইটেড পেমেন্ট ইন্টাৰফেচ বা ইউপিআই সেৱাৰ জৰিয়তে এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা প্রদান কৰিছে গ্রাহকক।
বর্তমানে ভাৰতীয় ষ্টেট বেংক, এইছডিএফচি বেংক আৰু পঞ্জাব নেচনেল বেংককে ধৰি বহু বেংকে কার্ডবিহীনভাবে ইউপিআইৰ মাধ্যমেদি এটিএমৰ পৰা ধন উলিওৱাৰ সুবিধা প্ৰদান কৰি আছে কিন্তু এইখিনিতে মনত ৰখা ভাল যে ইউপিআই পদ্ধতিৰে এটিএমৰ পৰা সৰ্বাধিক ১০,০০০ টকাহে উলিয়াব পৰা যায়।
গ্রাহকক এই সেৱাৰ একাধিক সুবিধাও আছে। ইয়াৰে এটা হ’ল এই পদ্ধতিত ধন উলিয়াবলৈ কোনো ছার্ভিচ চার্জ বা সেৱা মাচুল নাথাকে। ইয়াৰ উপৰি ভুল এটিএম পিন দিলে ধনৰ লেনদেন আধাতে বন্ধ হৈ যোৱাৰো কোনো আশংকা নাথাকে।
এই বিত্তীয় লেনদেনসমূহ গুগল পে আৰু ফোন পেৰ দৰে বিভিন্ন ইউপিআই এপ্লিকেচনৰ জৰিয়তে কৰিব পাৰি। ইয়াৰ বাবে আপোনাক প্রয়োজন হ’ব মাত্র এটা ইউপিআই আইডি, ইণ্টাৰনেট সংযোগ আৰু এটিএম মেচিনৰ।কার্ড অবিহনে কেনেকৈ এটিএমৰ পৰা টকা উলিয়াব?
প্রথমে যিকোনো বেংকৰ এটিএম লৈ গৈ তাত “উইড্র কেশ্ব (Withdraw Cash)বিকল্পটো বাছনি কৰক।এতিয়া আপোনাৰ সন্মুখত কে’বাটাও বিকল্প ওলাব, ইয়াৰ পৰা ইউপিআই বিকল্পটো বাছি লওক।
এতিয়া এটিএমৰ স্ক্ৰীণত এটা কিউআৰ কোড ওলাব। আপোনাৰ ফোনত ইউপিআই এপটো খুলি সেই কিউআৰ কোডটো স্কেন কৰক।
এইবাৰ সাধাৰণ ইউপিআই বিত্তীয় লেনদেনৰ দৰেই আপুনি উলিয়াব বিচৰা ধনৰাশি লিখক।
ইয়াৰ পাছত ইউপিআই পিন দিলেই নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি এটিএমৰ পৰা ওলাব।