Amarnath : অমৰনাথ যাত্ৰাৰ পথসমূহ বৰ্তমান ‘ন’ ফ্লাইং জ’ন’। বাৰ্ষিক তীৰ্থযাত্ৰাৰ ক্ষেত্ৰত এইবাৰ কঠোৰ নিৰাপত্তা আৰোপ কৰা হৈছে। জম্মু-কাশ্মীৰ চৰকাৰে মঙলবাৰে এই বিজ্ঞপ্তি জাৰি কৰিছে। অমৰনাথ যাত্ৰাৰ বাবে দুটা পথ আছে । পৰম্পৰাগত পহলগাম পথ আৰু বলতাল পথ।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি চলিত বৰ্ষৰ এক জুলাইৰ পৰা ১০ আগষ্টলৈকে যিকোনো ধৰণৰ বিমান প্লেটফৰ্ম আৰু ডিভাইচ বিশেষকৈ ইউএভি, ড্ৰোন, বেলুন নিষিদ্ধ কৰা হৈছে।
জম্মু-কাশ্মীৰৰ গৃহ বিভাগে উপ-ৰাজ্যপাল মনোজ সিনহাৰ নিৰ্দেশত এই নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে কিছুমান বিশেষ ক্ষেত্ৰত এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পোৱা যায়।
এই শিথিলতাসমূহৰ ভিতৰত আছে চিকিৎসা সংক্ৰান্ত স্থানান্তৰ, দুৰ্যোগ ব্যৱস্থাপনা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত চোৰাংচোৱাগিৰি কৰা।
তথ্য অনুসৰি ,অহা তিনি জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত এই যাত্ৰা সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে পৰিচালিত হোৱাৰ বাবে বিভিন্ন নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অমৰনাথ যাত্ৰাৰ স’তে জড়িত সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ স’তে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনে আলোচনা কৰিছে।
তীৰ্থযাত্ৰীসকলৰ কঠোৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই পথটো সম্পূৰ্ণ ‘ন’ ফ্লাইং জ’ন’ হিচাপে ঘোষণা কৰা হৈছে।
সূত্ৰসমূহে জনোৱা মতে, বিগত ২২ এপ্ৰিলত পহলগাম ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পাছত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে।
প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ তীৰ্থযাত্ৰী অমৰনাথ যাত্ৰাৰ বাবে সমবেত হয়। বিষয়াসকলৰ মতে ক্ৰমান্বয়ে নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হ’ব।