ISRO: পুনৰ স্থগিত ৰখা হ’ল এক্সিয়াম-৪ অভিযান। ১৯ জুন সলনি কৰি এইবাৰ ২২ জুন নিৰ্ধাৰণ কৰা হ’ল ৰকেট নিক্ষেপনৰ তাৰিখ ।শেহতীয়াকৈ পোষ্ট ষ্টেটিক ফায়াৰ বুষ্টাৰ পৰীক্ষাৰ সময়ত LOx লিক হোৱা দেখা গৈছে। ইয়াৰ বাবে বুষ্টাৰটো মেৰামতি কৰিবলগীয়া হয়।
ইয়াৰ পাছতে এই অভিযানৰ তাৰিখ ১৯ জুনলৈ পিছুৱাই দিয়া হয় যদিও অৱশেষত ২২ জুনত ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হ’ব।
ইছৰোৱে জনোৱা অনুসৰি, সম্পূৰ্ণ বিপদমুক্তভাৱে এই অভিযান চলাবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে। নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সে এই অভিযান পৰিচালনা কৰিছে।
সুভাংশুৰ উপৰিও এই অভিযানত মহাকাশচাৰী পেগী হুইটছন, হাংগেৰীৰ টিবৰ কাপু আৰু পোলেণ্ডৰ স্লাউছ উজানস্কি উইছনিউস্কিও আছে ।
এক্সিয়াম স্পেছে জনোৱা মতে, ৰকেট উৎক্ষেপণৰ পূৰ্বে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বিশ্বৰ প্ৰথমটো বাণিজ্যিক মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবে এই অভিযান বিশেষভাৱে গুৰুত্বপূৰ্ণ। জৈৱ আৰু বস্তু বিজ্ঞান আৰু মহাকাশ পৰ্যবেক্ষণৰ স’তে জড়িত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণাও কৰিব।






























