GST evasion of 355 establishments:
অসমত জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) ফাকিৰ এখন বৃহৎ ক’লা বজাৰ গঢ়ি উঠিছে। এনেদৰে শ শ কোটি টকাৰ জিএছটি ফাকি দিয়াৰ ফলত ৰাজ্যৰ ৰাজকোষত মাধমাৰ পৰিছে। অসমৰ ৰাজহ সংগ্ৰহৰ দুটা মূল উৎসৰ অন্যতম হ’ল জিএছটি। সেই জিএছটি অপৰিসীম পৰিমাণত বছৰ বছৰ ধৰি ফাকি দি আহিছে ক’লা ব্যৱসায়ীৰ চক্ৰই। এই ফাকি কিদৰে দিব পাৰি, তাকে লৈ গঢ়ি উঠিছে এখন বৃহৎ ক’লা বজাৰ। ৰাজ্যিক জিএছটি বিভাগৰ তথ্য অনুসৰি, ৰাজ্যত কে’বা শতাধিক এনে প্রতিষ্ঠান গঢ় লৈ উঠিছে যিবোৰে জিএছটি ফাকি দিব পৰা নথিপত্র সাজু কৰি দিয়ে।
বিভাগটোৰ তথ্য অনুসৰি, এতিয়ালৈকে কমেও ৩৫০ খন তেনে ফার্ম তথা প্রতিষ্ঠান চিনাক্ত কৰি নিষ্ক্রিয় কৰা হৈছে। তৎসত্ত্বেও ৰাজ্যত সক্রিয় হৈ আছে এনে অধিক ফার্ম। তদন্ত পোহৰলৈ আহিছে যে এই ধৰণৰ ফাৰ্মবোৰ নামত চলি আহিছে, অথচ তাৰ অস্তিত্ব পাবলৈ নাই। এই ফার্মবোৰেই এটা লাভাংশ আদায় কৰি বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানক জিএছটি ফাকি দিব পৰা নথি যোগান ধৰি আহিছে।
ধৰা পৰিব নোৱাৰাকৈ এনে ফাৰ্মবোৰ দুষ্টচক্রই পঞ্জীয়নো কৰে। জিএছটি বিভাগত পঞ্জীয়ন নোহোৱা ফার্মে সেই সম্পকীয় কোনো নথি প্রস্তুত কৰিব নোৱাৰে। অথচ তদন্তত দেখা গৈছে যে নাম পঞ্জীয়ন কৰা তেনে ফাৰ্মবোৰৰ কাৰ্যালয়কে ধৰি বাস্তৱত কোনো অস্তিত্বই নাই। তেনে ফার্ম যিসকলৰ নামত পঞ্জীয়ন কৰা আছে, সেইসকলে ক’ৰবাত বহিয়েই কম্পিউটাৰৰ সহায়ত প্রয়োজন অনুসৰি ব্যৱসায়ী ভুৱা তথ্য সন্নিৱিষ্ট কৰি সামগ্রী ক্রয়-বিক্রয়ৰ ৰছিদ প্ৰস্তুত কৰি দিয়ে আৰু সেই ৰছিদৰেই জিএছটি ফাকি দিয়া হয়।
উল্লেখ্য যে ৰাজ্যিক জিএছটি বিভাগে শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানত কৰ ফাকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানত জিএছটিৰ নথি প্ৰস্তুত কৰি দিয়া বহু ফাৰ্মৰ ক’লা অধ্যায়ৰ তথ্য উন্মোচিত হৈছে। উদাহৰণ স্বৰূপে কালিৰ পৰা ৰাজ্যিক জিএছটি বিভাগৰ এটা দলে মহানগৰীৰ ছাত্ৰীবাৰীৰ নিউ মার্কেটত থকা ‘অশোক অট’ এজেন্সী’ নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কালি প্রতিষ্ঠানটোৰ ছাত্ৰীবাৰীস্থিত বিক্রী কেন্দ্রত দিনৰ পৰা গোটেই নিশাজুৰি অনুসন্ধান চলোৱা হয়। আজি প্রতিষ্ঠানটোৰ মহানগৰীৰে গড়চুকস্থিত বৃহৎ ভঁৰাল এটাতো তালাচী চলোৱা হয়। অদ্যাপি এই অভিযান অব্যাহত আছে।
এই অভিযানতে তদন্তকাৰী দলে ‘সঞ্জয় অট’ এজেন্সী’ নামৰ আন এটা প্রতিষ্ঠানৰ তথ্য লাভ কৰে। তদন্তত পোহৰলৈ আহে যে অশোক অট’ এজেন্সী আৰু সঞ্জয় অট’ এজেন্সী একেটা প্রতিষ্ঠানৰে দুখন দোকান। জিএছটি ফাকি দিবলৈকে এনেদৰে দুটা প্রতিষ্ঠান স্থাপন কৰা হৈছিল। এই দুখনৰ মাজতে সামগ্ৰী ক্রয়-বিক্রয় কৰা দেখুৱাই আইনৰ সুৰুঙা লৈ বিগত দুবছৰে কে’বা কোটি টকা অশোক এট’ এজেন্সীয়ে জিএছটি ফাকি দিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে যি নথিপত্ৰৰ প্ৰয়োজন হয়, সেয়া প্রস্তুত কৰি দিছিল এনে ধৰণৰ কাৰ্যত জড়িত ফার্মে।
ইপিনে, ৰাজ্যিক জিএছটি বিভাগে শিলচৰৰ পৰা ইছাক আহমেদ নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। প্রায় তিনিদিন জেৰাৰ অন্তত নিশ্চিত কৰা হয় যে এই ব্যৱসায়ীজনে জাল নথিৰে প্ৰায় এশ কোটি টকাৰ ভুৱা বিল প্ৰস্তুত কৰি ২৫ কোটি টকা জিএছটি ফাকি দিছিল। বিগত পাঁচ বছৰে এই অনিয়মত লিপ্ত হৈ আছিল ধৃত ব্যৱসায়ীজন। এই অনিয়ম কিদৰে কৰিব পাৰি তাৰ বাবে ইছাক আহমেদ দ্বাৰস্থ হৈছিল জিএছটিৰ প্ৰকৃত পৰিমাণ ফাকি দিব পৰাকৈ ৰছিদসহ প্রয়োজনীয় নথিপত্র প্রস্তুত কৰি দিয়া চক্ৰৰ ওচৰত।
খুচী ডিজিটেল পেমেন্ট প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানৰ নামত ধৃত আহমেদে উক্ত বৃহৎ পৰিমাণৰ জিএছটি ফাকি দিবলৈ সক্ষম হৈছিল বুলি বিভাগটো নিশ্চিত হৈছে। সূত্রত প্রকাশ যে অসমত গঢ়ি উঠা তেনে অবৈধ চক্ৰৰ পৰিসৰ বহিঃৰাজ্যলৈয়ো সম্প্ৰসাৰিত হৈছে। জিএছটি ফাকি দিব পৰা জাল নথি তেনে চক্রই বহিঃৰাজ্যৰ একাংশ ব্যৱসায়ীকো যোগান ধৰি আহিছে।