বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ ভিছা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমেৰিকাই

1750323863 us visa

Foreign Students: এমাহৰ পাছত পুনৰ বিদেশী শিক্ষাৰ্থীসকলৰ ভিছা প্ৰক্ৰিয়াকৰণ আৰম্ভ কৰিছে আমেৰিকাই।অৱশ্যে এইবাৰ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জনাইছে,বহিঃৰাজ্যৰ পৰা আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে অহা ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব।

যিকোনো বিতৰ্কিত পোষ্ট বা মন্তব্যৰ ফলত ভিছা নাকচ কৰা হ’ব।বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰে নতুন ভিছা গাইডলাইন।

গাইডলাইন অনুসৰি,উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাবলৈ ইচ্ছুক সকলো বিদেশী ছাত্ৰ-ছাত্ৰীয়ে ভিছাৰ বাবে আবেদন কৰিবলৈ নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইল ‘পাব্লিক’ কৰিব লাগিব।

ইয়াৰ পাছত আমেৰিকা প্ৰশাসনে তেওঁলোকৰ প’ষ্টসমূহ পুনৰীক্ষণ কৰিব। আমেৰিকা বিৰোধী কোনো প’ষ্ট থাকিলে ভিছা দিয়া নহ’ব।

প্ৰসংগত,মে’ মাহৰ শেষৰ ফালে ছ’চিয়েল মিডিয়াৰ নতুন গাইডলাইন জাৰি কৰাৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিছা সাময়িকভাৱে বন্ধ কৰি দিছিল।

বুধবাৰে ঘোষণা কৰে যে ভিছাৰ আবেদন গ্ৰহণ পুনৰ আৰম্ভ কৰিব।

Exit mobile version