Encounter:উত্তৰ প্ৰদেশত আন এক ‘এনকাউণ্টাৰ’। এইবাৰ বুলন্দশ্বহৰত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে সন্ধিয়া এটা ডকাইতৰ দল ধৰিবলৈ গৈছিল আৰক্ষী।
দুয়োপক্ষৰ মাজত আৰম্ভ হয় বন্দুকৰ সংঘৰ্ষ। সেই সংঘৰ্ষতে ডকাইত দলৰ নেতা বিনোদ গাদেৰিয়াক নিহত হয়।
নয়ডা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ দীৰ্ঘদিন ধৰি বিনোদৰ সন্ধানত আছিল। শুকুৰবাৰে সন্ধিয়া তেওঁলোকে বুলন্দশ্বহৰত ডকাইতৰ দল এটা গোট খোৱাৰ তথ্য লাভ কৰে। সেই তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানলৈ গৈ অভিযান চলায়।
এছটিএফৰ সূত্ৰৰ অনুসৰি,সম্পূৰ্ণ প্ৰস্তুতিৰে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছিল। আৰক্ষীক প্ৰত্যক্ষ কৰি ডকাইতৰ দলটোৱে প্ৰথমে পলাবলৈ চেষ্টা কৰে।তাৰ পাছতে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে।
দলটোত কিমানজন ডকাইত আছিল সেই কথা স্পষ্টকৈ কোৱা নাই আৰক্ষীয়ে। অৱশ্যে বন্দুকৰ যুঁজত আহত হয় বিনোদ। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
এছটিএফৰ সূত্ৰ অনুসৰি বিনোদৰ মূৰৰ মূল্য আছিল এক লাখ টকা।২০২৪ চনত মুজাফ্ফৰনগৰত ছটা ডকাইতিৰ গোচৰত আৰক্ষীৰ পঞ্জীত ‘ৱাণ্টেড’ আছিল।
মুজাফ্ফৰনগৰৰ বাহিৰেও ছামলী আৰু বাঘপাটত বিনোদৰ বিৰুদ্ধে ডকাইতি, হত্যা, অপহৰণৰ ৪০টাতকৈও অধিক গোচৰ আছে। ২০০৬ চনৰ পৰা অপৰাধৰ জগতখনত প্ৰৱেশ কৰিছিল বিনোদে।
২০১২ চনত মুজাফ্ফৰনগৰৰ এটা গোচৰত দোষী সাব্যস্ত হৈ ৭ বছৰ কাৰাদণ্ড ভুগিছিল। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত তেওঁ পুনৰ ডকাইতি, হত্যা, অপহৰণ আদি কাম আৰম্ভ কৰে।






























