Ambubachi Mela 2nd Day: শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ আজি দ্বিতীয় দিন

ভক্তৰ লানিনিচিঙা সোঁত নীলাচলৰ বুকুলৈ

kamakhya ooo

Ambubachi Mela 2nd Day:

শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ আজি দ্বিতীয় দিন ৷ ভক্তৰ লানিনিচিঙা সোঁত নীলাচলৰ বুকুলৈ৷ জনকোলাহলত উখল-মাখল নীলাচলৰ বুকু ৷ ইতিমধ্যে কামাখ্যা মন্দিৰলৈ আগমন ঘটিছে দেশ-বিদেশৰ অগণন সাধু-সন্যাসীৰ

দেওবাৰৰ পৰা বন্ধ হোৱা কামাখ্যাৰ মূল দুৱাৰ ভক্তৰ বাবে মুকলি হ’ব ২৬ জুনত ৷ ২৬ আৰু ২৭ জুনত কেৱল সৰ্বসাধাৰণ ভক্তৰ বাবেহে থাকিব শক্তিপীঠ দৰ্শনৰ সুবিধা ৷ পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজাৰ ভিতৰতহে শক্তিপীঠত প্ৰৱেশ কৰিব পাৰিব ভক্তই ৷ ব্যাপক সতৰ্কতামূলক ব্যৱস্থাৰ মাজত নীলাচলৰ নামনিৰ পৰা শিখৰলৈ এতিয়া উদুলি-মুদুলি পৰিৱেশ ৷

Exit mobile version