GBU-571-MOP Di Powerful US Bomb:
মার্কিন বাহিনীয়ে শনিবাৰে নিশা ইৰানৰ পৰমাণু ক্ষেত্ৰত সংঘটিত কৰা আক্রমণত অত্যাধুনিক প্রযুক্তিৰে তৈয়াৰী যুদ্ধ বিমান আৰু বাংকাৰ ধ্বংসকাৰী বোমা ব্যৱহাৰ কৰে। মার্কিন প্রশাসনে প্ৰকাশ কৰা অনুসৰি, ছখন বি-২ যুদ্ধ বিমানৰে জিবিইউ-৫৭ এমঅ’পি নামৰ বাংকাৰ ধ্বংসকাৰী বোমা ইৰানৰ মূল পৰমাণু ক্ষেত্ৰ ফোৰডোৰ পৰমাণু কেন্দ্ৰত পেলোৱা হয়। প্রায় ১৩,৬০০ কিলোগ্রাম ওজনৰ জিবিইউ-৫৭ এমঅ’পি বোমা কঢ়িয়াই নিবৰ বাবে বি-২ যুদ্ধবিমানত ব্যৱস্থা আছে।
এই জিবিইউ-৫৭ বোমাক বাংকাৰ ধ্বংসকাৰী অথবা বাংকাৰ বাষ্টাৰ বোমা আখ্যা দিয়া হয়। ফোৰডোৰ পৰমাণু ক্ষেত্রত এনে ১২ টা বোমা ছখন বি-২ বিমানৰে বৰ্ষণ কৰে। এই বিমানে শত্ৰুৰ চকুত ধূলি দিব পাৰে। সেয়েহে এই বিমানৰ সম্পূৰ্ণ নাম হৈছে বি-২ স্পিৰিট ষ্টীল্থ যুদ্ধ বিমান।
প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে জিবিইউ-৫৭ এমঅ’পি হৈছে মার্কিন বাহিনীৰ হাতত থকা সবাতোকৈ শক্তিশালী বোমাসমূহৰ অন্যতম। এনে বোমাই মাটিৰ দুশ ফুট বা পকী মজিয়াৰ ৬০ ফুট তললৈ প্ৰৱেশ কৰি লক্ষ্যবস্তুত আঘাত হানিব পাৰে। যোৱা নিশা মার্কিন বাহিনীয়ে ফোৰডোৰ পৰমাণু ক্ষেত্রত আঘাত হানিবলৈ এই বোমা আৰু যুদ্ধবিমানৰ লগতে এফ-২২ ৰেপ্টছ আৰু এফ-৩৫ লাইটনিং-২ শ্ৰেণীৰ বিমানো ব্যৱহাৰ কৰে।
ইয়াৰে এফ-২২ ৰেপ্টৰ্ছ বিমানে অভিযানকাৰী বাহিনীক আকাশত আধিপত্য প্রতিষ্ঠা কৰে আৰু এফ-৩৫ লাইটনিং বিমানে আকাশত সহায় কৰে। এই দুই শ্ৰেণীৰ বিমানৰ সহায়ত শনিবাৰে নিশা মার্কিন বাহিনীয়ে ফোৰডোৰ পৰমাণু ক্ষেত্ৰত আক্রমণ চলায়। আন দুখন পৰমাণু ক্ষেত্রত মার্কিন বাহিনীয়ে ক্ষেপণাস্ত্ৰৰে আক্রমণ সংঘটিত কৰে।






























