ONGC:সম্পূৰ্ণৰূপে বন্ধ হ’ব ভটীয়াপাৰৰ তৈলখাদ

অএনজিচিয়ে দিলে ইংগিত

rids oo

ONGC:

সম্পূৰ্ণৰূপে বন্ধ হ’ব শিৱসাগৰৰ বহুচৰ্চিত ভটীয়াপাৰৰ তৈলখাদ ৷ ইতিমধ্যে তৈলখাদ বন্ধৰ বাবে প্রয়োজনীয় সঁজুলি যুদ্ধকালীন গতিত নিয়া হৈছে ভটীয়াপৰৰ গেছ নিৰ্গমনস্থলীলৈ ৷ ভটীয়াপাৰৰ তৈলখাদটোত বিগত এসপ্তাহৰো অধিক দিন ধৰি অব্যাহত থকা গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে আমেৰিকাৰ বিশেষজ্ঞৰ দল এটিক অনা হৈছিল।

মাৰ্কিন বিশেষজ্ঞৰ দলটোৱে সকলো দিশ নিৰীক্ষণ কৰি নিশ্চিত হয় যে গেছ নিৰ্গমন বন্ধ কৰাৰ বিপৰীতে তৈলখাদটো চিৰদিনৰ বাবেই বন্ধ কৰি দিয়াটো সমীচীন বুলি মন্তব্য আগবঢ়াই ৷ যাৰবাবে মাৰ্কিন বিশেষজ্ঞ দলটোৰ পৰা এই মত লাভ কৰাৰ পিছতে অএনজিচিৰ তৈলখাদ বন্ধৰ বাবে প্রয়োজনীয় সঁজুলি নিবলৈ সাজু হৈছে গেছ নিৰ্গমনস্থলীলৈ ৷

অৱশ্যে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে প্ৰথমেই আমেৰিকাৰ বিশেষজ্ঞৰ নেতৃত্বত তৈলখাদ বন্ধৰ বাবে চলিছে যুদ্ধকালীন প্রস্তুতি ৷ ডেৰিকত থকা টিউবিং নিৰাপদে আঁতৰোৱাৰ বাবে কৰা হৈছে পৰিকল্পনা

এই সন্দৰ্ভত অএনজিচিয়ে নতুন দিল্লীৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে তেল আৰু প্রাকৃতিক গেছ নিগমে (অ’এনজিচি) ‘Cudd Pressure Control’ ৰ আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত RDS -147A- ত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। অএনজিচিৰ সংকট ব্যৱস্থাপনা দল (চিএমটি) আৰু বিশেষজ্ঞ দলটোরে প্রায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী সফলতাৰে স্থানান্তৰ কৰিছে। ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্রী আঁতৰাই কূপটো কেপিং কৰাৰ বাবে অনাগত অভিযানৰ বাবে সাজু কৰা হৈছে। কেপিং প্ৰক্ৰিয়াৰ বাবে প্রয়োজনীয় গধুৰ সঁজুলিসমূহ বর্তমান উক্ত স্থানলৈ নি থকা হৈছে।

সমান্তৰালভাৱে ‘ডেৰিক’ত থকা টিউবিং নিৰাপদে আঁতৰোৱাৰ পৰিকল্পনা কৰাৰ বাবে দলটোৱে ‘ৰীগ মাস্ত’ৰ উচ্চ অংশটো পুংখানুপুংখভাৱে পৰিদৰ্শন কৰে। অতি শীঘ্রে নিয়োগ কৰিব পৰাকৈ এক বিশেষ অতিৰিক্ত দীঘল বুম ক্রেনো এই জটিল অভিযানৰ বাবে সংগঠিত কৰি থকা হৈছে।

উক্ত স্থানৰ লগতে আশে-পাশে অবিৰামভাৱে বায়ুৰ গুণাগুণ নিৰীক্ষণ কৰি থকা হৈছে। কূপটোৰ পৰা ৩০ মিটাৰৰ বাহিৰত হাইড্ৰ’কাৰ্বনৰৰ কোনো উপস্থিতি ধৰা নপৰাটো উৎসাহজনক বিবেচিত হৈছে। বৰ্তমানৰ মূল্যায়নৰ ভিত্তিত ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ ব্যাসার্ধৰ বাহিৰত বাস কৰা বাসিন্দাসকলক ঘৰলৈ উভতি ৰন্ধা-বঢ়া আৰু বিদ্যুতৰ ব্যৱহাৰকে ধৰি স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ কৰাটো নিৰাপদ বুলি পৰামৰ্শ দিয়া হৈছে।

গেছৰ চাপ আৰু হ্রাস পাইছে, যাৰ ফলত কূপটোৰ অধিক নিৰাপদ আৰু অধিক নিয়ন্ত্রিত কেপিঙৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। অবিৰত সুৰক্ষা ব্যৱস্থা হিচাপে কূপটোক দিনে-নিশাই ‘ৱাটাৰ ব্লেংকেটিং’ কৰা হৈছে।

ইয়াৰোপৰি আশ্রয় শিবিৰত অএনজিচিয়ে জিলা প্রশাসনক সক্রিয়ভারে সহযোগ কৰি আহিছে। নিগমে প্রয়োজন হোৱা লোকসকলক ২৪ ঘণ্টাই চিকিৎসাৰ সুবিধা প্রদান কৰি প্ৰভাৱিত লোকসকলৰ কল্যাণৰ বাবে প্রতিষ্ঠানটোৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতীয়মান কৰিছে ৷

Exit mobile version