OrunodaI Sahitya Sara:
নগাঁও জিলাৰ অগ্ৰণী সাহিত্য সংস্কৃতিৰ বিশেষ অনুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ সৌজন্যত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰ প্ৰণেতা ডা: সৰ্বেশ্বৰ বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে ডা° বৰাৰ সতে উপস্থিত অৰুণোদয় সাহিত্য চ’ৰাৰ অনুৰাগীৰ এখনি অন্তৰংগ আলাপ আৰু মাহেকীয়া সাহিত্য বৈঠক অনুষ্ঠিত কৰা হয়।
নগাঁও চহৰৰ এম.জি.পথৰ হৰি ওঁম বিবাহ ভৱনত ২১ জুনত আয়োজিত অৰুণোদয় সাহিত্য চ’ৰাৰ সভানেত্ৰী কাৰুণ্য ভট্টাচাৰ্যীৰ সভাপতিত্বত অনুষ্ঠিত মাহেকীয়া সাহিত্য বৈঠকত ১ম আৰু ২য় সংস্কৰণ বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰ প্ৰণেতা ডা°সৰ্বেশ্বৰ বৰাক ফুলাম গামোছা চেলেং গ্ৰন্থৰ লগতে অনুষ্ঠানটোৰ সভানেত্ৰী কাৰুণ্য ভট্টাচাৰ্যী আৰু সম্পাদিকা অনু কোঁৱৰ সিংহৰ স্বাক্ষৰিত এখনি মান-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনাৰ অন্তত ডা°বৰাৰ সতে বিষ্ণু ৰাভাৰ বিভিন্ন বিষয়ত অৰুণোদয়ৰ অনুৰাগী সকলে অন্তৰংগ আলাপত অংশ গ্ৰহণ কৰে।তাৰ পাছতেই আজিৰ মাহেকীয়া বৈঠকত শোণিত বৰঠাকুৰ, মৃদুপৱন বৰা,গুণ কান্ত শৰ্মা, জোনাকি বৰ্মন বৰা, নিবেদিতা ভূঞা,মুণিন্দ্ৰ শইকীয়া,কমল শৰ্মা,বিচিত্ৰ নাৰায়ণ বৰা,বিজেন পাটৰ, গুণধৰ নাথ,নবীন কলিতা,চন্দ্ৰ মুদৈকে প্ৰমুখ্য কৰি কেইবা গৰাকী অনুৰাগীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ক কবিতা প্ৰৱন্ধাদি পাঠ কৰি সভা খনিৰ মাহেকীয়া বৈঠক উজ্জীৱিত কৰি তুলিলে।






























