RTU students protest In Hojai
হোজাইৰ মাজমজিয়াত থকা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷
উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে স্নাতক বৰ্ষত স্থান নোপোৱাৰ বাবে ছাত্ৰ -ছাত্ৰীৰ লগতে একাংশ অভিভাৱক অংশগ্ৰহণ কৰে প্ৰতিবাদ কাৰ্যসূচীত ৷ প্ৰতিবাদ শিক্ষাৰ্থী সকলৰ দাবী স্নাতক বৰ্ষত নামভৰ্ত্তি নোপোৱা ছাত্ৰ- ছাত্ৰীৰ নামভৰ্ত্তি সুনিশ্চিত কৰা হওক ৷ একেদৰে শীঘ্ৰেই বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত আসন বঢ়োৱা নাইবা আন কলেজ স্থাপন কৰাৰ দাবী জনায় |
মনকৰিবলগীয়া যে,৭৫% নম্বৰ লাভ কৰিও নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ৬০% পোৱা ছাত্ৰ- ছাত্ৰীয়েও আসন লাভ কৰাক লৈ এইদৰে প্ৰতিবাদ কৰে বঞ্চিত ছাত্ৰ- ছাত্ৰী সকলে ৷






























