Asom Garia Parishad:
নীলাচলৰ বুকুত আৰম্ভ হোৱা অম্বুবাচী মহাযোগত অংশ ল’বলৈ দেশ – বিদেশৰ পৰা সোঁত বৈছে ভক্তৱান ৰাইজৰ। কামাখ্যা দেৱালয়লৈ পদব্ৰজে যোৱা ভক্তসকলক বিনামূলীয়া বিশুদ্ধ খোৱা পানী বিতৰণ ধৰি আহিছে অসম গৰিয়া পৰিষদে ৷ মানৱতাবোধৰ নিদশৰ্ন দাঙি পথৰ কাষত শিৱিৰ পাতি নিস্বাৰ্থভাবে সেৱা আগবঢ়োৱা গৰিয়া পৰিষদৰ বিপনীত সোমবাৰে নিশা চৰম উদ্ভণ্ডালি কৰে এদল যুৱকে ৷ ‘জয় শ্ৰীৰাম’ ধ্বনি দি গৰিয়া পৰিষদৰ বিপনী ভাঙি লণ্ডভণ্ড কৰি আঁতৰি যায় পঞ্চাশজনীয়া উদণ্ড যুৱকৰ দলটো ৷
আনহাতে কামাখ্যা সংঘটিত ঘটনা সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক নিলভ ঋতু দাসে ৷ তেওঁ কয় এইয়া ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যৰ দ্বাৰা সংঘটিত নহয় ৷ মানৱদৰদী কামত নিয়োজিত সংগঠনৰ বিপনীত আমাৰ সদস্য কেতিয়াও এনে কাম কৰিব নোৱাৰে ৷ কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে আমাৰ নাম সাঙুৰি এনে ধৰণৰ অসামাজিক কাম কৰিছে ৷ যিয়েই কৰিছে তাৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ নেতা গৰাকীৰ ৷
