Public Protest:
অসমৰ থলুৱা ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰৰ চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন স্থানত প্রতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ অব্যাহত থকাৰ সময়তে কোকৰাঝাৰৰ গৰৈমাৰীত ৰাইজে তীব্র প্রতিবাদ সাব্যস্ত কৰে। ইপিনে, কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ গন্ধমৌ চহণীয়া পথাৰত
ঔদ্যোগিক ক্ষেত্র নির্মাণৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনায় স্থানীয় ৰাইজে। তেনেদৰে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ প্রতিশ্রুতি দি শাসনলৈ অহা বিজেপি মিত্রজোটৰ চৰকাৰৰ কার্যকালত এতিয়া ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগানৰ ভূমিপুত্ৰসকলে ৰাজপথত সংগ্রাম কৰিবলগীয়া হৈছে বুলি ক্ষোভ প্রকাশ কৰে বৰদুৱাৰ বাগান ভূমিৰ শংকিত ৰাইজে ।
#উত্তাল গৰৈমাৰী
কোকৰাঝাৰৰ পৰ্বতঝোৰা জিলাৰ বাশবাৰীত তাপবিদ্যুৎ নির্মাণ কৰিবলৈ চৰকাৰে সকলো ব্যৱস্থা সম্পন্ন কৰি বহিঃৰাজ্যৰ আদানী গোষ্ঠীক খিলঞ্জীয়াৰ ভূমি হস্তান্তৰ কৰিবলৈ আগ্রাসী হৈছে। আঠখন গাঁও সামৰি ৩৫০০ বিঘা মাটিত উক্ত প্রকল্প নিৰ্মাণৰ বাবে আদানী গেষ্ঠী সাজু হোৱাৰ লগতে অঞ্চলটোলৈ ভূমিৰ চাৰিসীমা নির্ধাৰণ কৰিবলৈ আহে।
বাশবাৰী অঞ্চলত বন বিভাগ, ৰাজহ বিভাগ, জিলা কর্তৃপক্ষৰ বিষয়ববীয়াৰ উপৰি আৰক্ষীৰ বিশাল দল উপস্থিত হয়। বাশবাৰী অঞ্চলৰ ৰাইজে এই কার্যৰ তীব্র প্রতিবাদ কৰে। বিগত তিনিদিন ধৰি অঞ্চলটোৰ ৰাইজে আদানী গোষ্ঠীৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। উক্ত জনবসতি তথা বনাঞ্চলৰ মাটি যাতে বিটিচি চৰকাৰে আদানী গোষ্ঠীক প্ৰদান নকৰে তাৰ দাবীত উত্তল প্ৰতিবাদ কৰাৰ লগতে শৰীৰত পেট্র’ল ঢালি আত্মজাহ যোৱাৰো ভাবুকি দিয়ে ভুক্তভোগী ৰাইজে।
আন্দোলনে ভয়ংকৰ ৰূপ লোৱাত জিলা প্ৰশাসন আৰু ৰাজহ বিভাগ সতর্ক হয় যদিও বন বিভাগৰ জৰীপ অব্যাহত আছে। পর্বতঝোৰা মহকুমাৰ পানীজানি, গৰৈমাৰী আৰু দুধুমাৰীত। দুধুমাৰী, পানীজানিত প্রাক্তন বিএলটিৰ চাৰিশ বিঘা মাটিৰ উপৰি জনবসতি অঞ্চল আছে। উক্ত ভূমি আদানী গোষ্ঠীক প্ৰদান কৰিবলৈ উঠি-পৰি লাগিছে এটা পক্ষই। বাশবাৰীৰ পাছত পানজানি গাঁৱত আদানী গোষ্ঠীক ভূমি হস্তান্তৰৰ প্ৰাৰম্ভিক প্রস্তুতিৰ উমান পাই ৰাইজে হিলদল ভাঙি তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ এদিন পাছত আজি পুনৰ উত্তাল হৈ পৰে পৰ্বতঝোৰা মহকুমাৰ গৰৈমাৰী অঞ্চল।
অঞ্চলটোত প্রায় ৭০-৮০ বছৰ ধৰি বসবাস কৰি আদানী গেষ্ঠীক ভূমি প্ৰদানৰ উমান পাই ৰাজপথলে ওলাই আহে ৰাইজ। প্ৰখৰ ৰ’দৰ মাজতে গৰৈমাৰী অঞ্চলৰ উপৰি পানীজানিকে ধৰি ১৭খন গাঁৱৰ ৰাইজ ওলাই আহি নিজ ভেটিমাটি সুৰক্ষাৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। পুৰুষ-মহিলা, যুৱক-যুৱতী সকলোৱে পাহাৰৰ মাজত থকা অঞ্চলত বহি ধর্ণা দিয়ে। ভূমি হেৰুওৱাৰ আতংকত শশ লোকে প্রতিবাদ কৰাই নহয়, প্রমোদ বড়ো গ’ বেক, প্রমোদ বড়ো মিছলীয়া, আমাৰ মাটি দিয়া বন্ধ কৰক, আদানী গোষ্ঠীক মাটি দিয়া নহ’ব, আমাক তাপবিদ্যুৎ প্রকল্প নালাগে, আমাৰ দাবী মানিবই লাগিব, জীৱন দিম মাটি নিদিম, ইউপিপিএল প্রশাসন মুর্দাবাদ আদি ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰে।
পৰ্বতঝোৰা মহকুমাৰ বাশবাৰী, বাগলীঝৰা অঞ্চলত ধাৰাবাহিক প্রতিবাদ সাব্যস্ত কৰাৰ পাছত গৰৈমাৰীত আদানী গোষ্ঠীক ভূমি প্ৰদানৰ বাবে চলোৱা যো-জাৰ সন্দৰ্ভত অৱগত হৈ প্ৰতিবাদমুখৰ হোৱা শ শ জনজাতীয় লোকে এক ইঞ্চিও ভূমি আদানী গোষ্ঠীক এৰি দিয়া নহ’ব বুলি হংকাৰ দিয়ে। পর্বতঝোৰাত আদানী গোষ্ঠীৰ তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে চৰকাৰে উঠি-পবি লাগিছে যদিও স্থানীয় জনজাতীয় লোকসকলে কোনোপধ্যেই ভূমি এৰি দিবলৈ মাস্তি হোৱা নাই। পাগলীবৰাত তীব্র প্রতিবাদৰ পাছত মহকুমাটোৰ পানীজানিত কালি চৰকাৰী পক্ষৰ প্ৰতিনিধিয়ে ভূমি বিচাৰি যায় যদিও ৰাইজে অসম্মতি প্রকাশ কৰাত আজি গৰৈমাৰীত স্থানীয় এদল লোকে গৰৈমাৰী অঞ্চলৰ ৰাইজক গৰৈমাৰী বন বিভাগ কার্যালয়লৈ মাতে।
পাছত তাপবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে আদানী গোষ্ঠীক ৩৪০০ বিঘা ভূমি লাগে বুলি কোৱাত জনজাতীয় লোকসকল জাঙুৰ খাই উঠাৰ লগতে ভূমি নিদিয়াৰ অংগীকাৰৰে কাজিগাঁও টিপকাই পথত বহি প্রতিবাদ কৰে। উল্লেখ্য যে তাপবিদ্যুৎ প্রকল্প স্থাপনৰ পাছত অঞ্চলৰ উন্নয়নৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে কর্মসংস্থাপন বিচাৰি পাব বুলি বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ৰাইজক আশ্বাস দিয়ে যদিও ৰাইজে আদানীৰ চাকৰি নালাগে, আমি কর্ম কৰি খাম, গৰৈমাৰী আমাৰ জন্মভূমি আৰু আমাৰ জন্মভূমিৰ এক ইঞ্চি ভূমিও আদানী গোষ্ঠীক এৰি দিয়া নহ’ব বুলি প্রতিবাদকাৰীয়ে হুংকাৰ দিয়ে।
বাশবাৰী অঞ্চলত আদানী গোষ্ঠীক মাটি দিবলৈ চলোৱা প্রচেষ্টাত মুখ থেকেচা খোৱাৰ পাছত চৰকাৰে সুবিধা বুজি পানীজানি অঞ্চলত মাটিৰ বুজ ল’বলৈ যাওঁতেই চৰকাৰৰ অভিসন্ধি উন্মোচিত হোৱাত ৰাইজ ক্ষুব্ধ হয়। বন বিভাগে দুদিন পূর্বে পানীজানি অঞ্চলৰ বন ভূমি জৰীপ কৰাৰ পাছত গৰৈমাৰী অঞ্চল পৰিদৰ্শন কৰাত ৰাইজ উত্তপ্ত হয়। ৰাইজে কয়, ‘আমি জীৱন দিবলৈ সাজু। কিন্তু এক ইঞ্চি মাটি এৰি দিবলৈ সাজু নহয়। আমাৰ গণতান্ত্রিক আন্দোলন চলি থাকিব। আদানী গোষ্ঠীক মাটি হস্তান্তৰ কৰাৰ যি পৰিকল্পনা আৰু চেষ্টা সেয়া প্রমোদ বড়োৱে পৰিহাৰ কৰক। প্রমোদ বড়ো পৰ্বতঝোৰা অঞ্চলৰ ৰাইজৰ সমস্যা দূৰ কৰাৰ পৰিৱৰ্তে ইয়াৰ মাটি, নদী, ঝৰণা আদানী গোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ সাজু হৈছে।
পর্বতঝোৰা অঞ্চলত ক’ত কি আছে সেয়া প্রমোদ বড়োবে নাজানে। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ দলৰ একাংশ দালালে ৰাইজে বসবাস কৰা বনভূমি আদানীক দিবলৈ আগবাঢ়িছে। ইয়াক কোনোপধ্যে আমি মানি নলওঁ। যি সময়ত গ্রীণ বড়োলেও, গ্রীণ অসমৰ কথা কৈছে চৰকাৰে তেনে সময়ত বনভূমি আদানী গোষ্ঠীক প্রদান কৰিবলৈ লোৱা পদক্ষেপে চৰকাৰৰ বিফলতা প্ৰকাশ কৰিছে। ট্রাইবেল্ট ব্লক বেল্টৰ মাটি কিহৰ স্বাৰ্থত বিক্ৰী কৰিব বিচাৰিছে সেয়া চিন্তাৰ বিষয়। বছৰ বছৰ ধৰি বসবাস কৰা পৰিয়ালসমুহক উচ্ছেদ কৰি মাটি প্রদান কৰা প্রমোদ বড়োক আমি মানি নলও।
# কামৰূপ নিজ গন্ধমৌ গো-চৰণীয়া পথাৰ সংৰক্ষণ আৰু ঔদ্যোগিক ক্ষেত্ৰ নিৰ্মাণৰ বিৰোধিতাৰে, ৰাজহুৱা সভা তেজ দি হ’লেও গো-চৰণীয়া পথাৰ সংৰক্ষণৰ হুংকাৰ ৰাইজৰ
ৰাজ্য চৰকাৰে কামৰূপৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ গন্ধমৌ গো-চৰণীয়া পথাৰৰ চৰকাৰী নম্বৰ ২৫৪ দাগৰ ৫০৪ বিঘা ভূমি দুই কঠা সাত লেচা ভূমিত ঔদ্যোগিক ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰি জাননী জাৰি কৰাৰ পাছতে যিকোনো বিনিময়তে গো-চৰণীয়া পথাৰত ঔদ্যোগিক ক্ষেত্র নির্মাণত বাধা প্রদান কৰিব বুলি ৰাজহুৱা সভাত সংকল্প গ্ৰহণ কৰে বৃহত্তৰ অঞ্চলৰ সাতখন গাঁৱৰ ৰাইজে।
গো চৰণীয়া সংৰক্ষণ সমিতি, বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্রহণ কৰা শতাধিক লোকে একেমুখে গো-চৰণীয়া পথাৰত উদ্যোগিক ক্ষেত্ৰ নিৰ্মাণৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনায়। নিজ গন্ধমৌ-কিছমৎ আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষক তাৰিণী কান্ত বৈশ্যই সভাপতিত্ব কৰি চৰণীয়া পথাৰখন সংৰক্ষণৰ বাবে দাবী জনায়।
তেওঁ কয়, ‘পথাৰখন এখন পথাৰেই নহয় ই অঞ্চলটোৰ গো-পালক কৃষকসকলৰ পৰিচয় সাহসৰ প্ৰতীক। গতিকে আমাৰ অধিক সময় ব্যয় কৰি হ’লেও পথাৰখন সংৰক্ষণ কৰিব লাগিব। তেওঁ উক্ত অঞ্চলত কোনোপধ্যেই গো-চৰণীয়া পথাৰত ঔদ্যোগিক ক্ষেত্র নির্মাণ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে। সভাত নিজ গন্ধমৌ গো-বিজার্ভসংৰক্ষণ সমিতিৰ সভাপতি তাইজুদ্দিন আহমেদে কয় যে স্বাধীনোত্তৰ কালৰে পৰা উক্ত গো-চৰণীয়া পথাৰখনত অঞ্চলটোৰ কৃষকসকলৰ পশুধন বিচৰণৰ বাবে সংৰক্ষিত আছিল।
তেওঁ কয়, ‘আজি এই পথাৰখন চৰকাৰে উদ্যোগিক পামলৈ পৰিৱৰ্তন কৰিব বিচৰা কাৰ্য একপ্ৰকাৰ কৃষকক ভাতেমৰাৰ নিচিনা। উন্নয়ন আমি সকলোৱে কামনা কৰো। কিন্তু উন্নয়নৰ বিপৰীতে চহা হালুৱা হজুৱাই নিজৰ স্বভিমান বিক্ৰী কৰিব ইয়াৰ পক্ষপাতী সৰ্বসাধাৰণ ৰাইজ নহয় বুলি মন্তব্য কৰে। লগতে উদ্যোগীকৰণ অঞ্চলটোৰ বাবে স্বাস্থ্যসম্মত নহয়’ নিজ গন্ধমৌ গো-ৰিজার্ভ সংৰক্ষণ সমিতিৰ সম্পাদক কনক চন্দ্র বৈশ্যই উন্নয়নৰ নামত চৰকাৰে কৃষকসকলক লক্ষ্য কৰি কৰা হাৰাশাস্তিক তীব্র ভাষাৰে নিন্দা কৰে।
সাতখন গাঁৱৰ ৰাইজৰ য’ত ভাত কাপোৰৰৰ বিষয় জড়িত আছে সেই ঠাই এখন চৰকাৰী জাননীতে এৰি দিয়া নহ’ব বুলি কয়। তেওঁ প্রয়োজনত তীব্র আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়। উক্ত গো-চৰণীয়া পথাৰখন বৃহত্তৰ অঞ্চলটোৰ সাতখন ৰাজহ গাঁও বংশৰ, কুলহাটী, গন্ধমৌ, কিছমৎ বংশৰ, ৰৌমাৰী, পাকোৰকোণা আদি গাঁৱৰ একমাত্র গো-চৰণীয়া পথাৰ। স্বাধীনোত্তৰ কালৰে পৰা বৃহত্তৰ ৰাইজৰ পশুধন ৰখাৰ বাবে সংগ্ৰক্ষিত হৈ আছে গো-চৰণীয়া পথাৰখন।
শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ভূমি আইনৰ অধীনত গো-চৰণীয়া পথাৰখন সংৰক্ষমুক্ত কৰিবলৈ উঠি পৰা কার্য অতি দুর্ভাগ্যজনক বুলি দুই নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিস্ফাংক দাসে মন্তব্য কৰি উক্ত সিদ্ধান্ত বাতিল কৰি গো-চৰণীয়া পথাৰখন পশুধনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিবলৈ ৰাজহুৱা সভাৰ জৰিয়তে আহ্বান জনায়।
পাকৰকোনাৰ দিবাকৰ দাস, গন্ধমৌৰ ফাৰুক দেৱান, শিঙিমাৰীৰ বলেন বর্মনেও গো-ৰিজাৰ্ভত উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি পথাৰৰ সেউজীয়া পৰিৱেশক অধিক মনোমোহা কৰি তুলিবলৈ ৰাইজক আহান জনাই উদ্যোগীকৰণৰ বিপৰীতে সেউজ আন্দোলন গঢ়ি চৰকাৰৰ আঁচনি প্রতিহত কৰাৰ মন্তব্য কৰে।
# বৰদুৱাৰ বাগানত চেটেলাইট টাউনশ্বিপৰ তীব্ৰ বিৰোধিতা
পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত চেটেলাইট টাউনশ্বিপ প্রসংগত সৃষ্টি হোৱা প্রতিক্রিয়া বর্তমানো অব্যাহত আছে। যোৱা ২৬ মে’ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা প্রস্তাবিত বৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপ প্রকল্প নির্মাণ ঘোষণাৰ আজি ২৯ টা দিন পাৰ হ’ল যদিও বর্তমানো সমগ্ৰ বৃহত্তৰ বৰদুৱাৰ বাগান ভূমিৰ ২১০০টা জনজাতীয় পৰিয়াল শংকিত আৰু অসহায়। অৱশ্যে যোৱা ন জুনত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া অধিবেশনত মুখ্যমন্ত্রী ড° শৰ্মাই ৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ সলনি পলাশবাৰী টাউনশ্বিপ হ’ব বুলি কয় যদিও পূৰ্ণৰূপত আশ্বস্ত হ’ব পৰা নাই, কিয়নো বৰদুৱাৰ বাগানো পলাশবাৰী সমষ্টিৰ এটি বৃহত্তৰ অঞ্চল।
ভুমি পট্টন দাবী সমিতিৰ দাবী, ‘বৰদুৱাৰ বাগান চেটেলাইট টাউনশিপ কোনো ক্ষেত্রতেই আমাক নালাগে। বৰদুৱাৰ বাগান চেটেলাইট টাউনশীপ পূৰ্ণৰূপত বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰক, বৰদুৱাৰ বাগানৰ পতিত ভূমিত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ লোকক স্থায়ী পট্টা প্ৰদান কৰক, জনজাতীয় আবেষ্টনী বেল্ট আৰু ব্লক সুৰক্ষা কৰক, অসম গৌৰৱ পর্যটনস্থলী ‘চানডুবি বিল’ৰ জৈৱ বৈচিত্ৰৰ ভৌগলিক পৰিসৰ ৰক্ষা কৰক।’ ইতিমধ্যে সমিতিয়ে এই দাবীসমূহ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ প্রেৰণ ইতিমধ্যে প্ৰেৰণ কৰিছে।
উল্লেখ্য যে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে কে’বাখনো ৰাজহুৱা আৰু প্রতিবাদী সভা অনুষ্ঠিত কৰি টাউনশ্বিপ সন্দৰ্ভত তীব্র বিৰোধিতা প্রকাশ কৰে। লগতে মুখ্যমন্ত্রীয়ে বিধানসভাত ‘বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ’ সম্পর্কে বক্তব্য দিয়াৰ পাহত ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) টংকেশ্বৰ ৰাভাই বাগান কলঘৰত অনুষ্ঠিত সভাত দিয়া বক্তব্য, আনহাতে, নগৰ উন্নয়ন মন্ত্রী জয়ন্তমল্ল বৰুৱাই সচিবালয়ৰ কনফাৰেঞ্চ হ’লৰ বৈঠকত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ আগত দিয়া বক্তব্যৰ ফলশ্রুতিত উচ্ছেদ শংকিত বৰদুৱাৰ বাগানবাসী ৰাইজ শংকিত আৰু দ্বিধাগ্রস্ত হৈ পৰে।
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জিএমডিএ)ৰ অধীনত বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ প্রকল্প বাতিলৰ বাবে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্রুতিত যোৱা ন জুনত অসম বিধানসভাৰ পৱিত্ৰ সদনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ নামটো সলাই ‘পলাশবাৰী টাউনশ্বিপ’ কৰা বিষয়টোত ৰাইজ আশ্বস্ত নহয়। কাৰণ বৰদুৱাৰ বাগান খন পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সেয়ে বক্তব্যটোত ভোগদখলকাৰী ৰাইজে এক ৰহস্যৰ গোন্ধ পাইছে বুলি স্থানীয় ৰাইজে কয়। তাতোকৈ বৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপ বাতিল কৰি পলাশবাৰীৰ আন কোনো ঠাইলৈ স্থানন্তৰিত কৰা হ’ব বুলি কলেহে বেছি সন্তোষ পালোহেঁতেন বুলি মন্তব্য কৰে ভূমি পট্টন দাবী সমিতিৰ বিষয়ববীয়াসকলে।
তেওঁলোকে কয়, ‘পট্টা দিয়াৰ সম্পৰ্কত ১৯৭৫ৰ যি পট্টা প্ৰদানৰ সময়সীমা অৱতাৰনা কৰিলে সেয়া কোনো ভূমি আইন বা সাংবিধানিক আওঁতাৰ আধাৰত প্রতিষ্ঠিত নহয়। যিটো কোনোপধ্যে গ্রহণ কৰিব নোৱাৰি। আনকি ঢাউনশ্বিপৰ নামত ৰাস্তা পদুলি পুনৰ বহলিকৰণ তথা উন্নত পানী যোগানৰ লগতে বিদ্যুৎ সংগ্ৰহ কৰি যোগানধৰা বিষয়টো অধিক ৰহস্যঘন পৰিৱেশৰ সৃষ্টি কৰিছে। কাৰণ এই সুবিধাসমূহ ৰাইজে ইতিমধ্যে উপভোগ কৰি আছেই।’ আনহাতে, বৰদুৱাৰ বাগান চেটেলাইট টাউনশ্বিপৰ সলনি হেনো ট্রাইবেল টাউনশ্বিপহে বনাব বুলি কোৱা কথা আৰু মূখ্যমন্ত্রীয়ে অৱতাবনা কৰাৰ দৰে ১৯৭৫ৰ পট্টা প্ৰদানৰ সময়সীমাটো ৰাইজে সহজভাৱে ল’ব পৰা নাই।
ৰাইজে খালি ঠাইসমূহত চৰকাৰী স্কুল, কলেজ আৰু উন্নতমানৰ চিকিৎসালয় নির্মাণ দাবী কৰা সত্ত্বেও চৰকাৰে উদ্যোগিক অঞ্চল নোহোৱাকৈ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা গ্রহণ কৰাত ৰাইজ শংকিত হৈছে বুলি কয়। যোৱা ছয় জুনত নগৰ উন্নয়ন মন্ত্রী জয়ন্তমল্ল বৰবাৰ স’তে হোৱা বৈঠকত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ আগত মন্ত্রী বৰুৱাই কয় যে একে সময়ত দিল্লীৰ অসম ভৱনত মূখ্যমন্ত্ৰীয়ে জাগীৰোড টাউনশ্বিপ, কাহিলিপাৰা টাউনশ্বিপ আৰু বৰদুৱাৰ চেটেলাইট ঢাউনশ্বিপ প্রকল্পৰ কথাটো সঁচা।
ইতিমধ্যে জাগীৰোড আৰু কাহিলিপাৰা টাউনশ্বিপ প্ৰকল্পৰ কাম দ্রুতগতিত চলি আছে। বৰদুৱাৰ চেটেলাইট টাউনশ্বিপৰ কাম পাৰম্ভি পৰ্যায়ত আছে। শংকিত ৰাইজে দাবী কৰে যে মুখ্যমন্ত্রীয়ে সদনত দিয়া বক্তব্য আৰু টংকেশ্বৰ ৰাভাই ৰাইজৰ আগত দিয়া বক্তব্যৰ সম্পূৰ্ণ মিল আছে। প্রতিবাদী ৰাইজে কয়, ‘বাগানৰ ভোগদখলকাৰী ৰাইজ উচ্ছেদিত নহয় বুলি কৈ আকৌ ভোগদখলকাৰী সকলোকে স্থানান্তৰিত কৰাৰ কথা কৈছে, সেয়া এক প্ৰকাৰৰ উচ্ছেদেই। আনহাতে, মুখ্যমন্ত্রী ড° শৰ্মা আৰু ৰাভাই ‘ৰেস্ট্রিকটেড’ আৰু ‘প্রটেকটেড’ যি দুটা শব্দ কৈছে সেয়াও স্পষ্ট নহয়, বৰং ভয়াবহ।’
ৰাইজে প্রশ্ন কৰে যে তেনে প্রটেকটেড (সংৰক্ষিত) অঞ্চলত কেৱল এই অঞ্চলৰ জনজাতি থাকিব নে ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশৰ কোটিপতি জনজাতি সম্প্ৰদায়ৰ লোকো থাকিব, এয়া স্পষ্ট কৰা নহ’ল। আনহাতে, কোনো এজন লোকে মাটিৰ পট্টা দিয়া বিষয়টো গুৰুত্ব নিদিলে বা স্পষ্টকৈ প্রকাশ নকৰিলে। সেয়ে উচ্ছেদৰ আশংকাত ত্ৰক্তমান ৰাইজ কাৰোৰে বক্তব্যত আশ্বস্ত হ’ব পৰা নাই বুলি কয়। সেয়ে বৰদুৱাৰবাসী ৰাইজে এই বিষয় সন্দর্ভত কোনো কাৰণতে বৰদুৱাৰ চেটেলাইট টাউনশ্বিপ বা ট্রাইবেল টাউনশ্বিপ প্রকল্প মানি লোৱা নহ’ব বুলি সকীয়াই দিয়ে।
প্রতিবাদী ৰাইজে কয়, ‘এই প্রকল্প বাতিল কৰিব লাগিব। ১৯৭১ ৰায়তী আইনৰ আওতাত তথা জনজাতি, আদিবাসী খিলঞ্জীয়াৰ সাংবিধানিক প্রাপ্য অধিকাৰৰ ভিত্তিত পাবই লাগিব। ২০২৬ৰ আগতে বৰদুৱাৰ বাগানৰ পতিত ভূমিত বাস কৰি থকা ভোগদখলকাৰীৰ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰিব লাগিব। বিখ্যাত চানডুবি পৰ্যটনৰ পৰিসীমা ধ্বংস কৰি তথা এই অঞ্চলৰ সেউজ পৰিৱেশ বিনষ্ট কৰি যি কোনো উদ্যোগ স্থাপনৰ সিদ্ধান্ত মানি লোৱা নহ’ব।’ সম্পূর্ণ মাটিৰ পট্টা নোপোৱালৈকে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে এই আন্দোলন ধাৰাবাহিকভাবে চলাই যাব বুলি সদৰী কৰে। লগতে গণতান্ত্রিকভাৱে এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈ থাকিব বুলিও উল্লেখ কৰে ভূমি পট্টন দাবী সমিতিৰ আহ্বায়ক আদিত্য ৰাভাই।






























