Shubhanshu Shukla: বহু অপেক্ষাৰ অন্তত অৱশেষত মহাকাশলৈ ৰাওনা হোৱাৰ পথত শুভাংশু শুক্লা! সকলো ঠিকে থাকিলে ১২ বাজি এক মিনিটত আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিব সুভাংশুৰ মহাকাশযান । ঐতিহাসিক এই অভিযানৰ বাবে আগ্ৰহেৰে বাট চাইছে ১৪০ কোটি ভাৰতীয়ই।
নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক ৰেগী হুইটছনে কমাণ্ডাৰ হিচাপে চাৰিজনীয়া এই অভিযানৰ নেতৃত্ব দিছে।
ইয়াৰ উপৰিও পোলেণ্ডৰ স্লাৱোছ ৱ’জনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও আছে। তেওঁলোকে ১৪ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব, য’ত তেওঁলোকে কমেও ৬০টা পৰীক্ষা কৰিব।
বুধবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বাজি এক মিনিটত সুভাংশুৰ স’তে স্পেচএক্সৰ মহাকাশযান ‘ড্ৰেগন’ উৎক্ষেপণৰ কথা। নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ ‘ফেলকন ৯’ ৰকেট ব্যৱহাৰ কৰি ড্ৰেগনক মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।বৃহস্পতিবাৰে পুৱা আই এছ এছত উপস্থিত হ’ব সুভাংশু।






























