Guwahati Flyover:উৰণীয়া সেতুৰ নক্সা সলনি !

২৩ জোপা পৈণত গছত হাত দিয়া নহয়,চৰকাৰৰ শপতনামা

ghc

Guwahati Flyover:

গুৱাহাটীৰ গোপানাথ বৰদলৈ পথত নির্মীয়মাণ উৰণীয়া সেতুৰ নক্সা পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বাবে দীঘলীপুখুৰীৰ বিপৰীত দিশত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় চৌহদ আৰু তাৰ আশে-পাশে থকা ২৩ জোপা পৈণত গছত হাত দিয়া নহয় এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত আজি অসম চৰকাৰৰ মহাধিবক্তাই শপতনামাযোগে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য দাখিল কৰে।

উল্লেখ্য যে আমবাৰীৰ পৰা নিউ গুৱাহাটীলৈ নির্মীয়মাণ বিতর্কিত উৰণীয়া সেতুখনৰ নামত জিএনবি পথৰ বহু পুৰণি গছ কাটি পেলোৱা হৈছে। একাংশ গছ উভালি নি আন স্থানত ৰোপণৰ ব্যৱস্থা কৰা হৈছে। অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ এনেদৰে ধ্বংস কৰাৰ বিৰুদ্ধে সৰৱ হৈ আহিছে বহু দল-সংগঠন, ব্যক্তি বিশেষ আদি। এতিয়াও কে’বাজোপা বৃহৎ গছ কাটিবলৈ বাকী থকাত সেইবোৰৰ সুৰক্ষা বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত শেহতীয়াকৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল হয়।

মঙলবাৰে মুখ্য ন্যায়াধীশৰ আদালতত আবেদনখনৰ শুনানি অনুষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই শপতনামাযোগে ন্যায়ালয়ক অৱগত কৰে যে নির্মীয়মাণ সেতুখনৰ নক্সাৰ সংশোধন কৰা হৈছে আৰু সংশোধিত নক্সাৰ বাবে ২৩ জোপা পৈণত গছত হাত দিয়া নহয়। ইতিমধ্যে বন বিভাগে স্থানান্তৰ কৰা গছবোৰৰ অৱস্থিতিক লৈয়ো ন্যায়ালয়ত প্রশ্ন উত্থাপিত হয়। তেতিয়া মহাধিবক্তাই জনায় যে ইতিমধ্যে স্থানান্তৰিত কৰা গছসমূহৰ স্থিতি ফটোসহ শপতনামাৰ জৰিয়তে ন্যায়ালয়ক অৱগত কৰা হ’ব।

Exit mobile version