Ferry service between Oflamukh and Nimati is closed:
বিগত কে’বাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ। আজি এই বাঢ়নী পানীয়ে বুৰাই পেলালে মাজুলীৰ অফলামুখ পাৰঘাটৰ যাত্রী উঠা-নমা কৰা বেম্প। যাৰ ফলত আজিৰে পৰা অর্নিদিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ল অফলামুখ আৰু নিমাতী সংযোগী যাত্রীবাহী ফেৰী সেৱা।
ব্ৰহ্মপুত্র নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অর্নিদিষ্টকাললৈ যাত্রীবাহী ফেৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কবে। আজি পুৱা এখন গুটিয়া নাও আৰু দুখন জাহাজে পাৰঘাটটোৰ পৰা নিমাতী অভিমুখে যাত্রা কৰে যদিও প্ৰৱল সোঁত আৰু নদীত উটি অহা কাঠ-মেটেকা-জাবৰৰ বাবে ফেৰী চলাচলত অধিক সমস্যাৰ সৃষ্টি হয়।
যাৰ ফলত যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰিবলগীয়া হয় ফেৰী সেৱা। আনহাতে, বিভিন্ন স্থানৰ পৰা দক্ষিণ পাৰলৈ যাবলৈ অহা যাত্রীসকলে ঘুৰি যাবলৈ বাধ্য হয়। যাত্রীসকলে ফেবী সেৱা বন্ধ হোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে। কাৰণ পূর্বে বর্তমানতকৈও অধিক জলপৃষ্ঠ বৃদ্ধি পাওঁতেও অব্যাহত আছিল ফেৰী সেৱা।
যাত্রীসকলে অভিযোগ কৰে যে বিয়াগোম আভান্তৰীণ জল পৰিবহণ বিভাগে উপযুক্ত বেম্প আৰু উন্নত জাহাজৰ ব্যৱস্থা নকৰাৰ বাবেই এতিয়া বন্ধ কৰিবলগীয়া হৈছে ফেৰী সেৱা। দক্ষিণপাৰৰ লগত যাতায়াত আৰু যোগাযোগৰ সুচল মাধ্যম এই ফেৰী সেৱাত মাজুলী-যোৰহাট সংযোগী দলং নোহোৱা পর্যন্ত যাতে চৰকাৰে অধিক গুৰুত্ব প্রদান কৰে, তাৰ বাবে আহ্বান জনায়।
আনহাতে, কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী পাৰঘাটলৈ ফেৰী চলাচল অব্যাহত থাকে। অৱশ্যে নিশাটোৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অধিক বৃদ্ধি হ’লে কাইলৈৰ পৰা কমলাবাৰী-নিমাতীৰ মাজতো ফেৰী সেৱা বন্ধ হোৱাৰ সম্ভাৱনাই অধিক।






























