Majuli:
জলসম্পদৰ ঠিকাদাৰৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা মাজুলীৰ বিধায়ক ভূৱন গামৰ ৷ শনিবাৰে ভকতচাপৰিৰ গৰুখুটিত খহনীয়া ৰোধৰ কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ গৈছিল বিধায়ক গৰাকী সহ স্থানীয় লোক ৷ কিন্ত শামুকীয়া গতিত চলি থকা কামৰ দেখি ঠিকাদাৰৰ বিৰুদ্ধে খর্গহস্ত হৈ অচিৰেই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে মাজুলীৰ ভকতচাপৰিৰ গৰুখুটিত অব্যাহত থকা বৃহৎ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে আৱন্টন দিছিল প্ৰায় ৪৯ কোটি টকা।
এই আঁচনিৰ জৰিয়তে আৱন্টন লাভ কৰা সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে লেহেমীয়া গতিত কাম কৰাৰ বিপৰীতে দৈনিক কে’বা মিটাৰকৈ ভূমি ব্ৰক্ষপুত্ৰৰ বুকুত লীন গৈছে। কোনো ভ্ৰূক্ষেপ নাই ঠিকাদাৰ গৰাকীৰ ৷ যাৰবাবে ৰাইজৰ আহ্বানক্ৰমে শনিবাৰে বিধায়ক ভূৱন গাম সেই স্থানত উপস্থিত হৈ ঠিকাদাৰ গৰাকীক জবাবদিহি কৰে ৷



































