Lower Subansiri hydropower project :
অসমত দ্রুত গতিত ঊর্ধ্বমুখী হৈছে বিদ্যুতৰ চাহিদা। ইয়াৰ পৰিপ্ৰেক্ষিতত এন এইছ পি চিৰ নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্রকল্পটো ডাঙৰ সকাহ হ’ব বুলি চৰকাৰীভাৱে দাবী কৰা হৈছিল যদিও বাস্তৱত সেয়া হৈ নুঠিল। বৰঞ্চ অসমে যি পৰিমাণৰ বিদ্যুৎ প্রকল্পটোৰ পৰা ক্ৰয় কৰিব বিচাৰিছিল সেয়াও বাস্তবায়িত নহ’ল। অসমক ভয়ংকৰ জলবোমাৰ মাজলৈ নিক্ষেপ কৰিছে প্রকল্পটোৱে। অৰুণাচলৰ ভূমিত প্রকল্পটো নিৰ্মাণ হ’লেও নামনিৰ অসমেহে যিকোনো পৰিণাম ভুগিব লাগিব।
সেয়েহে প্রকল্পটো বন্ধ কৰাৰ দাবী আজিও উঠি আছে। তাৰ মাজতে এই দাবীও উত্থাপন হৈছে যে অসমক যিহেতু প্রকল্পটোৱে জুইৰ মুখলৈ ঠেলি দিছে, এনে ক্ষেত্ৰত ৰাজ্যখনক প্ৰকল্পটোৰ পৰা বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিব লাগে; কিন্তু এই দাবীক এন এইছ পি চি কর্তৃপক্ষই ন্যূনতমো গুৰুত্ব প্রদান নকৰিলে। বৰঞ্চ অসমকো সম্পূৰ্ণৰূপে ক্রেতা ৰাজ্যৰূপেহে গ্রহণ কৰা হয়। তাৰ ফলশ্রুতিতে এপিডিচিএলে এই প্রকল্পটোৰ পৰা বছৰি ক্ৰয় কৰিব ২০৮ মেগাৱাট বিদ্যুৎ। ইতিমধ্যে এপিডিচিএলে এই চুক্তি সম্পন্ন কৰিছে।
উল্লেখ্য যে অসমত সর্বোচ্চ চাহিদাৰ সময়ত প্রয়োজন হোৱা বিদ্যুতৰ পৰিমাণ ২৮ শ মেগাৱাট বিদ্যুৎ বৃদ্ধি হৈছে। এই পৰিমাণ আগন্তুক দিনত অধিক বৃদ্ধি হ’ব। তদুপৰি বৃদ্ধিৰ গতি অধিক ক্ষিপ্ৰতৰো হ’ব। এনে ক্ষেত্ৰত ৰাজ্যত প্রয়োজনীয় বিদ্যুতৰ পৰিমাণ উপলব্ধ হ’ব পৰাকৈ এপিডিচিএলে আগতীয়াকৈ বিভিন্ন উৎসৰ প্ৰতিষ্ঠানৰ লগত চুক্তি কৰিবলগীয়া হৈছে। তেতিয়াই নামনি সোৱণশিৰি প্ৰকল্পটোৰ পৰা বিদ্যুৎ পাবৰ বাবে এন এইছপিচিৰ লগত চুক্তি কৰিবলগীয়া হয়।
এই চুক্তিতেই অসমক মাত্র ২০৮ মেগাৱাট বিদ্যুৎ হে বিক্ৰী কৰাত অনুমোদন জনায় কর্তৃপক্ষই। ইয়াৰ বিপৰীতে প্ৰকল্পটোত দৈনিক উৎপাদন হ’বলগীয়া বিদ্যুতৰ পৰিমাণ হ’ল দুহেজাৰ মেগাৱাট। অসমক উক্ত পৰিমাণৰ বিদ্যুৎ বিক্ৰী কৰা হ’ব ২০২৬ ৰ পৰা। সেই বছৰতে প্রকল্পটো সম্পূৰ্ণৰূপে কার্যকৰী হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ তিনিটা গোট উৎপাদনৰ বাবে সাজু হৈছে। অহা বছৰৰ পৰা আন পাঁচটা গোটো কার্যক্ষম হ’ব বুলি ধৰা হৈছে। বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ হ’লে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণৰ পৰা অনুমতি পাব লাগে। সেই অনুমতি অদ্যাপি লাভকৰা নাই।
উল্লেখ্য যে গেৰুকামুখৰ প্ৰকল্পটোৰ লগতে এপিডিচিএলে এন এইছ পি চি, লৱাৰ কপিলী, শক্তি আদি প্ৰকল্পৰ পৰাও বিদ্যুৎ ক্ৰয় কৰিবলৈ শেহতীয়াকৈ চুক্তি কৰিছে। তদুপৰি ভূটানৰ এটা প্ৰকল্পৰ কৰ্তৃপক্ষৰ লগতো চুক্তি সম্পাদন কৰিছে।






























