ONGC Gas Leak Update:
শিৱসাগৰৰ ভটীয়াপাৰৰ তেলখাদত বিস্ফোৰণৰ ঘটনাই ১৪ দিন অতিক্ৰম কৰিলে। তিনিজনীয়া মার্কিন বিশেষজ্ঞৰ দলেও গেছৰ নিৰ্গমন ৰোধত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’এনজিচি)ৰ কাৰিকৰী বিভাগৰ সহায়ত দুটা প্রাথমিক পদ্ধতি কাৰ্যকৰী কৰাৰ পাছতো ব্যর্থ হোৱাত আশংকা বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ।
সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহাৰ ক্ষেত্রত অ’এনজিচিৰ কর্তৃপক্ষই গুৰুত্ব দিব পৰা নাই। সূত্ৰত প্রকাশ যে মার্কিন বিশেষজ্ঞৰ দলটোৱে তেলখাদৰ ক্ষতিসাধন নকৰাকৈ সমীপৱর্তী একাধিক পৰিত্যক্ত তেলখাদলৈ গেছ হস্তান্তৰ পদ্ধতি অৱলম্বন কৰিছিল যদিও হাত দাঙিবলগীয়া হয়।
এতিয়া ৱেলকেপিঙৰ বাহিৰে আন কোনো বিকল্প নাই বুলি কোৱা হৈছে। এই পদ্ধতিও অত্যন্ত স্পর্শকাতৰ। বিভাগীয় সূত্রত প্রকাশ যে এই পদ্ধতি অতি স্পর্শকাতৰ। সামান্য অসাৱধান হ’লেই জুই জ্বলি উঠিব পাৰে।
আতংক, উদ্বিগ্নতা আৰু ভয়াৱহ পৰিস্থিতিৰ মাজেৰে বিস্ফোৰণ কাণ্ডৰ ১৪ দিন অতিবাহিত হোৱাৰ পাছতো অ’এনজিচিৰ অসম সম্পদৰ দায়িত্বজ্ঞানহীন কাৰ্যকলাপৰ লগতে বহু বিতর্কিত ঠিকাদাৰ প্ৰপ্রতিষ্ঠান এছকে পেট্ৰ’ৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাই থলুৱা বিৰোধী স্থিতি উদঙাই আজি পর্যন্ত ভুক্তভোগী ৰাইজৰ ওচৰলৈ আহি এখাৰ সমবেদনাৰ মাত দিয়াৰ সৎ সাহস দেখুৱাব নোৱাৰিলে বুলি ৰাইজে তীব্র ক্ষোভ প্রকাশ কৰে।
আগৰৱালাই আত্মগোপন কৰি থকা বুলিয়ে চর্চা হৈছে। এই অমানৱীয় চৰিত্ৰত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনসমূহ। আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী বিস্ফোৰণ কাণ্ডৰ পাছৰে পৰা উত্থাপন কৰা হৈছে যদিও গুৰুত্ব দিয়া নাই প্রশাসনে।
# কোন এই কৃষ্ণ আগৰৱালা
তথ্য অনুসৰি অতি কম সময়ৰ ভিতৰতে কোটিপতি হোৱা কৃষ্ণ আগৰৱালা আছিল এজন সাধাৰণ ফাৰ্মাচীৰ ব্যৱসায়ী। খাৰুৱা তেলৰ চোৰাং ব্যৱসায়ৰ স’তে জড়িত হৈ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ধন কুৱেৰত পৰিণত হয় আগৰৱালা। সম্প্রতি তেওঁ ১০টা ৰীগৰ মালিক। কে’বাটাও তেল ডিপ’ৰ স্বত্বাধিকাৰ আগৰৱালাই অ’এনজিচিৰ একাংশ শীর্ষ বিষয়াৰ আশীর্বাদত ৰসায়ন যোগানৰ ঠিকাৰ কাম কৰি কম সময়ৰ ভিতৰতে কোটি কোটি টকাৰ মালিক হয়।
বহু বিতর্কিত আগৰৱালাৰ ক’লা অধ্যায়ৰ বৰ্ণনা দি শেষ কৰি নোৱাৰি। তিনিচুকীয়াৰ বাঘজানত যিটো তেলখাদ আৰু ৰীগত পূর্বতে বিস্ফোৰণ ঘটি বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই ৰীগটো আছিল এই বহু বিতর্কিত ঠিকাদাৰজনৰ। ইয়াৰ পাছতো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি পুৰস্কাৰহে দিছে অ’এনজিচিয়ে ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনস্থ একাধিক ৰীগত বহু দুর্ঘটনা সংঘটিত হোৱাৰ পাছতো কাৰ পৃষ্ঠপোষকতাত এইজন ঠিকাদাৰে এটাৰ পাছত আনটো ঠিকাদাৰী কাম লাভ কৰিছে সেই প্রশ্ন এতিয়া ৰাইজৰ মুখে মুখে।
সম্প্রতি ৰুদ্রসাগৰ তৈলখাদৰ আৰডিএছ-১৪৭ (এ) নম্বৰ তেলখাদত হ’ল বিস্ফোৰণ। যি বিস্ফোৰণৰ ভয়ংকৰ পৰিস্থিতি আজিও প্রশমন হোৱা নাই। ইমানৰ পাছতো কি যাদু আছে এইজন বিতর্কিত ঠিকাদাৰৰ। যাৰ ফলত অ’এনজিচিৰ সাতটা আৰু অইল ইণ্ডিয়াৰ তিনিটা ৰীগকে ধৰি কমেও ১০টা ৰীগৰ মালিক হৈ দপদপাই থাকিব পাৰিছে আগৰৱালাই।
সূত্রত প্রকাশ যে ভটীয়াপাৰৰ তেলখাদ বিস্ফোৰণৰ পৰিস্থিতি নিৰাময়ৰ বাবে কে’বা কোটি টকাত চুক্তিবদ্ধ হৈ আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আনিব লগাৰ বিপৰীতে যোৱা ১৪দিনে দৈনিক প্রায় ১০ লাখৰ অধিক ধন ব্যয় কৰিব লগা হৈছে অ’এনজিচি আৰু জিলা প্রশাসনে। কিন্তু বিতৰ্কৰ আৱৰ্তত সোমোৱা তেনে এগৰাকী ঠিকাদাৰক সকলো দিশৰে পৰা ক্লিনশ্বিট দিয়াৰ স্বাৰ্থতে ভটীয়াপাৰৰ বিস্ফোৰণ কাণ্ডৰ উচিত তদন্তৰ বাবে অদ্যাপি চৰকাৰেই হওঁক বা অ’এনজিচিয়েই হওঁক কোনেও গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।






























