টিছু পেপাৰত লিখি ভাবুকি , পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

IMG 20250627 132352

Air india:পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছৰে পৰা বিমান সংস্থাটোৱে ইটোৰ পাছত সিটোকৈ বোমাৰ ভাবুকি লাভ কৰিছে ।

শুকুৰবাৰে পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে।সূত্ৰ অনুসৰি শুকুৰবাৰে মুম্বাইৰ পৰা দিল্লীলৈ অহা এখন বিমানত কোনোবাই টিছু পেপাৰত বোমাৰ ভাবুকি লিখি ৰাখিছিল।

তথ্য অনুসৰি আজি পুৱা প্ৰায় পাঁচ বজাত দিল্লী বিমানবন্দৰৰ পৰা ২৯৫৪ নং বিমান উৰা মাৰিছিল। সেই সময়তে এজন ক্ৰুৱে কেবিনত টিছু পেপাৰ এখন পাইছিল।

অৱশ্যে টিছু পেপাৰত নাম লিখা বিমানখন সেইখন বিমান নাছিল। এই তথ্য লাভ কৰাৰ পাছতে দিল্লী বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই তৎকালীন ব্যৱস্থা গ্ৰহণ কৰে।

জৰুৰীকালীন প্ৰট’কল হিচাপে যাত্ৰীসকলৰ বেগ আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰীক্ষা কৰা হয়।দীঘলীয়া অনুসন্ধানৰ অন্তত এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে বিমানখনত কোনো বিস্ফোৰক সামগ্ৰী পোৱা নগ’ল।

বোমাৰ ভাবুকি মিছা বুলি নিশ্চিত কৰি বিমান সংস্থাটোৱে কয়,”আমাৰ এখন বিমানত বোমাৰ ভাবুকি পোৱা গৈছিল।কিন্তু আমি সকলো নিৰাপত্তা পদ্ধতি সম্পূৰ্ণ কৰি পৰৱৰ্তী বিমানখন এৰিলোঁ।”

Exit mobile version