নক্সালবাদ দমনত পুনৰ সাফল্য, ওড়িশাত নিহত দুই মাওবাদী নেতা

Untitled 1 142

Odisha:নক্সালবাদ ৰোধ কৰাৰ ক্ষেত্ৰত আন এক বৃহৎ সফলতা। ওড়িশাৰ কান্ধমাল জিলাত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হয় দুই মাওবাদী নেতা।

ঘটনাস্থলীৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ ।সোমবাৰে পুৱা কান্ধমাল জিলাৰ বুদাগুডা বনাঞ্চলত স্বেচ্ছাসেৱী বাহিনী আৰু বিশেষ অভিযান গোটৰ বিষয়াসকলে যৌথ অভিযান চলায়।

অঞ্চলটোত কেবাজনো মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি এক গোপন সূত্ৰৰ পৰা তেঁওলোকে তথ্য লাভ কৰিছিল। তাৰ পাছতে অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।

পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। বাহিনীয়েও প্ৰতিশোধ লয়। প্ৰায় ৪৫ মিনিট সময় দুয়োপক্ষৰ মাজত গুলীচালনাৰ অন্তত অৱশেষত মাওবাদী দুজন নিহত হয়।

Exit mobile version