Dibang Hydropower Project:
এইবাৰ নিৰ্ধাৰিত সময়ত দিবাং জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণ সম্পূর্ণ কৰিবলৈ বদ্ধপৰিকৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। তাৰ বাবে যোৱা ২৪ জুনত দিল্লীত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ‘ডিপার্টমেন্ট ফৰ প্ৰমোচন অৱ ইণ্ডাষ্ট্রী এণ্ড ইণ্টাৰনেল ট্রেড’ (ডিপিআইআইটি)ৰ সচিব অমৰ সিং ঘাটিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত সভাত অসম চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ, এনএইছপিচি আৰু শক্তি মন্ত্রণালয়ৰ প্ৰতিনিধি উপস্থিত থাকে।
এই সভাত সকলো পক্ষক সমন্বয় ৰক্ষা কৰি লক্ষ্য নির্ধাৰিত ২০৩২ৰ ভিতৰত দিবাং জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটো নিৰ্মাণৰ সময়ত যি প্রত্যাহ্বানৰ সৃষ্টি হৈছিল, সেই সম্পর্কতো আলোচনা কৰা হয়।
উল্লেখ্য যে ব্যাপক প্ৰতিবাদৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণকাৰ্য দুটা দশক পাৰ হোৱাৰ পাছতো আজিলৈকে সম্পূর্ণ হৈ উঠা নাই। ইয়াৰ ফলত নিৰ্মাণ ব্যয় কে’বাগুণো বৃদ্ধি হোৱাত এনএইছপিচি তথা কেন্দ্ৰীয় চৰকাৰ বৃহৎ লোকচানৰ সন্মুখীন হয়। গতিকে এইবাৰ ইয়াৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰিবলৈ কঠোৰ স্থিতি গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু এনএইছপিচিয়ে।
সেইবাবে এই সভাতে অসম চৰকাৰক জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ সামগ্ৰী সৰবৰাহত কোনো বাধাৰ সৃষ্টি নোহোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰণ জলবিদ্যুৎ প্রকল্পটোলৈ সকলো ধৰণৰ নিৰ্মাণ সামগ্ৰী অসমৰ মাজেৰে সৰবৰাহ কৰিব লাগিব। নামনি সোৱণশিৰিৰ ক্ষেত্ৰত সামগ্ৰী সৰবৰাহত অসমত বিভিন্ন দল-সংগঠনে প্রতিবন্ধকতাৰ সৃষ্টি কৰাত নিৰ্মাণকাৰ্য বছৰ বছৰ ধৰি স্থৱিৰ হৈ পৰিছিল।
দিবাঙৰ ক্ষেত্ৰত এনে নোহোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰক স্পষ্ট ভাষাৰে কৈ দিয়া হৈছে। একেদৰে প্ৰকল্পটোক লৈ নেতিবাচক যিকোনো প্ৰচাৰ যাতে হ’ব নোৱাৰে, তাৰ ওপৰতো চোকা দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিয়া হৈছে।
উল্লেখ্য যে দিবাং প্রকল্পটো নির্মাণ হৈ উঠিলে দেশৰ ভিতৰতে সর্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পৰূপে পৰিগণিত হ’ব। এনএইছপিচিৰ তত্ত্বাৱধানত চলিবলগীয়া প্ৰকল্পটো নিৰ্মাণৰ ঠিকা লাভ কৰিছে ভাৰত হেভী ইলেক্ট্রিকেলছ লিমিটেডে। এই প্রকল্পটোত দৈনিক উৎপাদন হ’বলগীয়া বিদ্যুতৰ পৰিমাণ ২৮৮০ মেগাৱাট।
ইয়াৰ বিপৰীতে নামনি সোৱণশিৰিৰ দৈনিক উৎপাদন ক্ষমতা হ’ল দুহেজাৰ মেগাৱাট। প্রকল্পটোত ১২টা উৎপাদন গোট থাকিব আৰু প্ৰতিটো গোটৰ উৎপাদন ক্ষমতা ২৪০ মেগাৱাট। দিবাং জলবিদ্যুৎ প্রকল্পৰ প্ৰস্তাৱিত নির্মাণ ব্যয়ৰ পৰিমাণ ধাৰ্য কৰা হৈছে ৩১,৮৭৬.৩৯ কোটি টকা।
উল্লেখ্য যে দিবাং জলবিদ্যুৎ প্রকল্পটো নিৰ্মাণৰ পৰিণাম স্বৰূপে অৰুণাচলৰ জৈৱ-বৈচিত্র্যত বৃহৎ মাধমাৰ পৰিব বুলি ইতিমধ্যে ৰাজ্যখনৰ প্ৰকৃতিপ্রেমী সংগঠন সৰৱ হৈছে। তীব্র প্রতিক্রিয়া অব্যাহত আছে অসমতো। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে অসমে মূৰৰ ওপৰত এটা জলবোমা লোৱাৰ সময়তে তাতোকৈ বৃহৎ আন এক বিপদ দিবাং প্ৰকল্পৰ জৰিয়তে অসমে ল’ব লাগিব।
এনএইছপিচিয়ে দিবাং প্রকল্পটো বহুমুখী জলবিদ্যুৎ প্রকল্প হিচাপে গঢ়ি তুলিব বুলি প্রতিশ্রুতি দিছে। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত বৈঠকখনে দেশৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটো নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা দৃঢ় স্থিতিকে পুনৰ প্ৰতীয়মান কৰিলে।






























