Attack On CM’s Convoy:কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীৰ কনভয়লৈ শীতল পানীয়ৰ বটল নিক্ষেপ

যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকসহ পাঁচজনক আটক, সৰুপথাৰৰ আটক কৰে ৰাহুল ফুকন নামৰ কংগ্ৰেছ কৰ্মীজনক

gola 1

Attack On CM’s Convoy:

কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো গোলাঘাটত সোমবাৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ দুষ্কৃতিকাৰীয়ে শীতল পানীয়ৰ বটল নিক্ষেপ কৰে। আৰক্ষীৰ সন্মুখতে সংঘটিত এই ঘটনাত দলিয়াই দিয়া বটলটোরে কনভয়ৰ এখন বাহনত খুন্দা মাৰি ওফৰি পৰে।

উল্লেখ্য যে সেই সময়ত সম্প্রতি তীব্র বিতর্কশ সৃষ্টি কৰা গীৰ গাই আৰু গৰুখুঁটি প্রকল্পত সংঘটিত কেলেংকাৰিৰ তদন্ত দাবী কৰি গোলাঘাট জিলা কংগ্রেছে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। জিলা কংগ্রেছ ভৱনৰ সন্মুখত চলি থকা প্ৰতিবাদৰ সময়তে গোলাঘাট জিলা ক্রীড়া সন্থাৰ এক প্ৰকল্প উদ্বোধনৰ বাবে মুখ্যমন্ত্রী গৈ আছিল। তেওঁৰ কনভয় কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ সময়ত প্রতিবাদ অধিক উত্তাল হৈ পৰে। আৰক্ষীয়ে প্রতিবাদকাৰীসকলক পার্যমানে কার্যালয় চৌহদৰ ভিতৰতে আবদ্ধ কৰি ৰখাৰ চেষ্টা চলায়।

সেই সময়তে প্রতিবাদকাৰীসকলৰ মাজৰ পৰা কোনোৱে কনভয়ক লক্ষ্য কৰি পানীয়ৰ বটলটো দলিয়াই দিয়ে। এই ঘটনাত জড়িতৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে অসম প্রদেশ যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথি বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতীৰ লগতে কৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়া নামৰ দুজনকো আটক কৰে।  আৰক্ষীয়ে সৰুপথাৰৰ পৰা পুনৰ আৰু এজনক আটক কৰে। আটকাধীন কংগ্ৰেছ কৰ্মীজনৰ নাম ৰাহুল ফুকন ৷

আনহাতে, গোলাঘাট জিলা কংগ্রেছে বটল দলিওৱা কাৰ্যক গৰিহণা দি এয়া কোনো তৃতীয় পক্ষৰ কাম বুলি দাবী কৰে। ইপিনে, প্রতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা দাহ কৰে। তেওঁলোকে চৰকাৰ বিৰোধী আৰু চৰকাৰৰ বিৰুদ্ধে কেলেংকাৰিৰ অভিযোগ তুলি বিভিন্ন ধ্বনি দিয়ে। প্রতিবাদকাৰীসকলে দলীয় কাৰ্যালয়ৰ চৌহদৰ পৰা ৰাজপথলৈ ওলাই অহাৰো চেষ্টা চলায়। আৰক্ষীয়ে ইয়াত বাধা প্ৰদান কৰাত দুয়োপক্ষৰ মাজত খণ্ড যুদ্ধও লাগে।

ইপিনে, মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওৱা ঘটনা নিন্দনীয় বুলি অভিহিত কৰি গৰিহণা দিয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এয়া কংগ্ৰেছৰ হতাশাৰ বহি:প্রকাশ বুলি সভাপতিজনে মন্তব্য কৰে। শইকীয়াই লগতে কয়, ‘গণতন্ত্ৰত প্ৰতিবাদৰ অধিকাৰ সকলোৰে আছে। এই প্রতিবাদ শান্তিপূর্ণ আৰু গণতান্ত্রিক হোৱা উচিত। প্রতিবাদ হিংসাৰ ৰূপলৈ গতি কৰাৰ অৰ্থই হ’ল দলটোৰ হতাশা। এনে ধৰণৰ আচৰণ গণতন্ত্ৰৰ বাবে বিপজ্জনক।’ এনে মানসিকতাৰে কোনোবাই চৰকাৰ গঠনৰ সপোন দেখিব পাৰেনে বুলিও সভাপতিজনে প্রশ্ন কৰে।

Exit mobile version