ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক বিসংগতি!

বাতিল দিল্লি-ৱাশ্বিংটন ডি চিৰ ফ্লাইট

images 1 2

Air india:ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক বিসংগতি । যাৰ বাবে বাতিল কৰা হ’ল ৱাশ্বিংটন ডি চি লৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন।

দিল্লীৰ পৰা ৱাশ্বিংটন ডি চি অভিমুখী বিমান AI103 বুধবাৰে ইন্ধন ভৰোৱাৰ বাবে ভিয়েনাত অৱতৰণ কৰে।

ভিয়েনাত ইন্ধন ভৰোৱাৰ কথা পূর্বেই নিৰ্ধাৰিত আছিল। নিয়মীয়া পৰিদৰ্শনৰ সময়ত বিমানখনত কিছু সমস্যাৰ সৃষ্টি হৈছিল, যাৰ বাবে জৰুৰী ভিত্তিত অতিৰিক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হৈছিল। ইয়াৰ বাবে পৰৱৰ্ত্তী সময়ত বিমানখন বাতিল কৰা হয়।

ইফালে বিমানৰ মাজভাগত বাতিলৰ বাবে যাত্ৰীসকল ভিয়েনাত আৱদ্ধ হৈ পৰে। যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ পাছত বিগত এমাহমানৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় আৰু ড’মেস্টিক পথত এয়াৰ ইণ্ডিয়াৰ বহু বিমান যাত্ৰা বাতিল কৰা হৈছে।

কোম্পানীটোৱে বাৰে বাৰে কৈ আহিছে যে ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ কাৰণত এই সকলোবোৰ বিমান বাতিল কৰা হৈছে।

বুধবাৰৰ বিমান বাতিলৰ সন্দৰ্ভত এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ জনাইছে যে ,যিসকল যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক বিকল্প বিমানৰ প্ৰস্তাৱ দিয়া হৈছে।বিচাৰিলে কৰিলে ভাড়া ঘূৰাই দিবলৈ সাজু এয়াৰ ইণ্ডিয়া।

Exit mobile version