Pankaj Pathak Visit To Kokrajhar:কোকৰাঝাৰত পংকজ পাঠকৰ চুলি গজোৱা শিৱিৰত পুনৰ অঘটন !

আৰক্ষীয়ে আহি আধাতে বন্ধ কৰিলে শিৱিৰ, শিৱিৰ অনুষ্ঠিতৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা আয়োজকে লোৱা নাছিল অনুমতি

pankaj 1

Pankaj Pathak Visit To Kokrajhar:

বুধবাৰে গোৱালপাৰা বিহুতলী পথাৰত আয়োজিত পংকজ পাঠকৰ চুলি গজোৱা শিৱিৰত সৃষ্টি হোৱা অনাহত পৰিস্থিতিত পাঠকে কাণত ধৰি আঁঠু কঢ়াৰ দৰে ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি পুনৰ আন এক অঘটন হয় কোকোৰাঝাৰত

কোকোৰাঝাৰৰ কেবিএছ খেলপথাৰত আজি পুৱাৰে পৰা আৰ্চায পংকজ পাঠকৰ চুলি গজোৱা কাৰ্যসূচী ৰূপায়ণ হৈ থকাৰ মাজতে আধাতে বাতিল হয় শিৱিৰৰ কামকাজ ৷

কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ শিৱিৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উদ্থাপিত অভিযোগ অনুসৰি আয়োজকে শিৱিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱা নাছিল ৷

উল্লেখ্য যে,শিৱিৰত অংশ ল’বৰ বাবে আজি পুৱতি নিশাৰে পৰা কোকৰাঝাৰ,ধুবুৰী সহ পাশ্বৱৰ্তী কে’বাখনো জিলাৰ পৰা কে’বা শতাধিক লোক উপস্থিত হৈছিল ৷ শিৱিৰৰ কামকাজ আৰম্ভ হওতেই হঠাতে বন্ধ হৈ পৰাত অংশগ্ৰহণকাৰী লোক সকলে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁলোকৰ মন্তব্য সুশৃংখলিতভাৱে শিৱিৰৰ কামকাজ অব্যাহত আছিল ৷

Exit mobile version