অমৰনাথ যাত্ৰাত অঘটন! ব্রেক ফেইল হৈ দুর্ঘটনাগ্রস্ত কনভয়, আহত ৩৬

images 12 1

Amarnath Yatra:✒️অমৰনাথ যাত্ৰাৰ আৰম্ভণিতে বিপদ। দুর্ঘটনাগ্রস্ত হয় তীৰ্থযাত্ৰীৰ এখন কনভয়।পহলগাম পথেৰে গৈ থকা কনভয়খন ৰামবন জিলাৰ চন্দৰকোট লংগাৰৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে ৩৬ গৰাকী তীৰ্থযাত্ৰী আহত হৈছে। শনিবাৰে এই দুৰ্ঘটনাৰ কথা ঘোষণা কৰে প্ৰশাসনে।

আৰক্ষীৰ সূত্ৰৰ অনুসৰি,ব্ৰেক ফেইল হোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই কনভয়খন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। দলটোত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীও অন্তৰ্ভুক্ত আছিল। আহত তীৰ্থযাত্ৰীসকলক ৰামবন জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে তিনি জুলাইৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰা অহা ন আগষ্টলৈকে চলিব।

Exit mobile version