Akhil Gogoi pressmeet:
মন্ত্রী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্রয়ৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আজি পুনৰ উন্মোচিত হয় মন্ত্রী পত্নী জুলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজ মজিয়াত পাঁচ মহলীয়া এক বিশাল হোটেলৰ তথ্য। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি। ঠিকনা: আৰ পি ৰ’ড, এম এল এ হোষ্টেলৰ পিছফাল, গণেশগুৰি।
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানী ‘জেএমবি একুৱা এগ্র’ প্রাইভেট লিমিটেড’-এ ৰঙিয়াত একেটা দিনতে ২৬ এপ্রিল, ২০২৩ ত ক্রয় কৰা ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটিৰ তথ্য। লগতে বিধায়কজনে প্রকাশ কৰিছিল যে মন্ত্রী জয়ন্তমল্লই ৮৫ বিঘা চৰকাৰী ভূমিও বেদখল কৰিছে। তাৰ আগতে সংবাদ মাধ্যমত প্রকাশ পাইছিল মন্ত্রী পত্নী জুলি ডেকা বৰুৱাই একেটা দিনতে তেজপুৰত ক্ৰয় কৰা ৩৬ বিঘা মাটিৰ তথ্য।
এইদৰে ফাদিল হৈছিল জুলি ডেকা বৰুৱাৰ নামত ক্রয় কৰা ৭৫ বিঘা মাটিৰ তথ্য। এজন মন্ত্রী পত্নীৰ নামত বিঘাই বিঘাই মাটি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশৰ পাছতে আজি পুনৰ অখিল গগৈয়ে ফাদিল কৰে জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ অভিজাত এলেকাত নিৰ্মাণ কৰা বিশাল হোটেল কৈলাশ ৰেচিডেন্সিৰ তথ্য।
উল্লেখযোগ্য যে ২৬ এপ্রিল, ২০২৩ ৰ দিনা ৰঙিয়াত ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্রয় কৰা
সেই ২৬ এপ্রিল, ২০২৩ ৰ দিনাই জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা হয় দিছপুৰ ৰাজহ চক্ৰৰ অধীনত জটিয়া ৰাজহ গাঁৱত ২ কঠা ১৮.৭৯ লেচা মাটিও। এজন মানুহৰ হাতত কিমান টকা থাকিলে একেটা দিনতে প্রায় ৪০ বিঘা মাটি ক্রয় কৰাৰ উপৰিও গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি সংবাদ মেলত অখিল গগৈয়ে প্রশ্ন উত্থাপন কৰে।
তাৎপর্যপূর্ণ কথাটো হ’ল এই যে মাটি ক্রয় কৰা হৈছে ৰামেশ্বৰ তালুকদাৰ নামৰ গুৱাহাটীৰ এগৰাকী কুখ্যাত মাটিৰ দালালৰ পৰা। পট্টা নং ৮২০, দাগ নং ১০৮৩। গুৱাহাটীৰ অন্যতম গুৰুত্বপূর্ণ এলেকাৰ এই মাটিৰ মূল্যই হ’ব কেইবা কোটি টকা। দিছপুৰৰ এম এল এ হোস্টেলৰ পিছফালে এম পি বুকষ্টলৰ লগতে লাগি থকা এই মাটিতে নির্মাণ কৰা হৈছে কৈলাশ ৰেচিডেন্সি।
কেইবা কোটি টকাৰ এই মাটিত নির্মাণ কৰা হৈছে কেইবা কোটি টকীয়া হোটেল কৈলাশ ৰেচিডেন্সিৰ বিল্ডিং। হোটেলখনৰ তলৰ মহলাত ইতিমধ্যে খোলা হৈছে বহুজাতিক কোম্পেনী কে এফ চিৰ ফ্রেনচাইজী। ৪ জুনত ৰাইজৰ দলৰ এটা প্রতিনিধি দলে পর্যবেক্ষণ কৰি আহে জুলি ডেকা বৰুৱাৰ কৈলাশ ৰেচিডেন্সি।
ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা পাঁচ মহলীয়া বিলাসী হোটেলখনৰ ভিতৰচোৱা অত্যাধুনিক সা-সুবিধাৰে তিনি তাৰকাযুক্ত হোটেলখনৰ অন্তর্ভাগৰ কামো শেষ হোৱাৰ পথত। অতি বিলাস বহুল এই হোটেলখনৰ ফটোও সংবাদমেলত ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে। ফটোৰ পৰাই প্রমাণ হয় কিমান বিলাসী হোটেল নির্মাণ কৰিছে মন্ত্রী পত্নী জুলি ডেকা বৰুৱাই।
# মন্ত্রী হোৱাৰ পাছতে জয়ন্তমল্ল বৰুৱাৰ পত্নীয়ে হাতত পাইছে নেকি আলাদিনৰ চাকি? নহ’লে ক’ৰ ধনেৰে এইদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে মন্ত্রী পত্নী জুলি ডেকা বৰুৱাই ?
উল্লেখযোগ্য যে এটকাৰ দুর্নীতি দেখিলেও বাঘৰ দৰে জঁপিয়াম বুলি কৈছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সেই বাঘটো ক’ত এতিয়া ? বাঘটোৱে নাকত তেল দি শুইছে। বাঘটো নুঠে। কেৰাণী, মহৰী, মণ্ডল, শিক্ষক, পিয়ন, কনিষ্টবলৰ দুর্নীতি দেখিলেহে বাঘটোৱে সাৰ পাই গুজৰণি দিয়ে। জয়ন্তমল্ল, জুলি ডেকা বৰুৱাক বাঘটোৱে হয়তো ভয় কৰে।
আৰ এছ এছৰ ডাঙৰ নেতা বশিষ্ঠ বুজৰবৰুৱা, উমেশ চক্রৱর্তী, ভূপেশ শৰ্মাৰ দৰে বাঘটোৱে শুই নিঃপালি দিছে। অসমত কপালৰ ঘাম মাটিত পেলাই তিলতিলকৈ বিজেপিৰ ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি, সম্পত্তিৰ পাহাৰ বনাব পৰা নাই।
২০১৪ত দিল্লীত মোডী চৰকাৰ হোৱাৰ পিছত বিজেপিৰ ভাল দিন দেখি জেল যাত্ৰাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা কেইজনৰ পত্নী কেইজনীহে কোটিপতি হৈছে। পুৰণি বিজেপিৰ পত্নীবোৰে ঘৰত ভাত ৰান্ধিয়ে আছে ৷ সংবাদমেলত অখিল গগৈৰ মন্তব্য ৷






























