Sudden Increase in deaths among youth:
দেশত যুৱক-যুৱতীৰ মাজত হঠাতে নামি আহিছে মৃত্যুৰ অমানিশা। সবল-সুঠাম, তজবজীয়া এনে একোজন ভৱিষ্যত প্রজন্মই সাবটি লোৱা আকস্মিক মৃত্যুৱে দেশজুৰি চৰ্চাৰ বিষয় হৈছে। বিভিন্ন গৱেষকৰ মতে, কৰ’না কালত গ্রহণ কৰা টিকাও এনে ব্যাখ্যাতীত আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে।
দেখা গৈছে যে ১৮-৪৫ বছৰ বয়সৰ একোজন সুস্বাস্থ্যবান লোক যাৰ কোনো ব্যাধি অথবা জটিল ৰোগ নোহোৱা স্বত্বেও হঠাতে মৃত্যুমুখত পৰিছে। কিয় এই মৃত্যু হ’ল তাৰ কাৰণ কোনেও নাজানে। বিভিন্ন সন্দেহ বিভিন্নজনৰ মনত পাকঘূৰণি খাই থকাৰ মাজতে প্রকাশিত এক গৱেষণাৰ তথ্যত কোৱা হৈছে যে এনে যুৱ ভাৰতীয়ৰ মৃত্যুৰ কাৰণ ক’ভিডৰ টিকা নহয়, সম্পূর্ণ ভিন্ন এই কাৰণ।
মৃত্যুৰ ৪৮ ঘণ্টা পূর্বে কম সময়ত অত্যধিক সুৰা সেৱন আৰু সঘন সুৰা তথা ছিগাৰেট সেৱন, মনোৰঞ্জক ড্ৰাগছৰ ব্যৱহাৰ, উচ্চ প্রাবল্যৰ শাৰীৰিক অনুশীলনৰ বাবে হৈছে উদ্বেগজনক মৃত্যু। ক’ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ বাবে হাস্পতালত চিকিৎসাধীন হোৱা, পৰিয়ালত থকা আকস্মিক মৃত্যুৰ ইতিহাস, জীৱনশৈলী আদিও হ’ব পাৰে এনে আকস্মিক মৃত্যুক সাবটি লোৱাৰ কাৰণ। আকস্মিক এনে ব্যাখ্যাতীত মৃত্যুৰ শেহতীয়াভাবে চর্চিত বিষয় সন্দর্ভত এক অধ্যয়ন সম্পন্ন কৰে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)-এ।
বিভিন্ন বিশেষজ্ঞ মহলে পুনৰীক্ষণ কৰা এই অধ্যয়ন প্ৰতিবেদনত উক্ত কাৰণসমূহ হঠাতে নামি অহা মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি কোৱা হৈছে। গৱেষক দলে কয়, ‘ক’ভিডৰ টিকাকৰণ দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা আকস্মিক মৃত্যুৰ কাৰণ নহয়। ক’ভিড সংক্রমণত হাস্পতালত চিকিৎসাধীন হোৱা, নির্দিষ্ট জীৱনশৈলীয়ে মাতি আনিছে আকস্মিক মৃত্যু।
পৰিয়ালত আকস্মিক মৃত্যুৰ ইতিহাস থাকিলে সেয়াও হ’ব পাৰে এটা কাৰণ। ‘অতি গুৰুত্বপূৰ্ণ ‘ইণ্ডিয়ান জার্ণেল অৱ মেডিকেল বিছাৰ্চত প্রকাশিত অধ্যয়নত ব্যাখ্যাহীন আকস্মিক মৃত্যুৰ কাৰণৰ অনুসন্ধান কৰা হৈছে। কিহৰ বাবে ভাৰতত শেহতীয়া সময়ত ১৮-৪৫ বছৰ বয়সৰ লোকে হঠাতে ইহলীলা সম্বৰণ কৰিছে সেয়া গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় হৈছে।
২০২৩ত এই অধ্যয়ন সম্পন্ন কৰিছিল আইচিএমআৰে। ইয়াত কোৱা হৈছে যে এনে আকস্মিক আৰু ব্যাখ্যাহীন মৃত্যুৰ কাৰণ ক’ভিডৰ টিকা নহয়। সুস্বাস্থ্যবান তৰুণ লোকৰ জীৱনলৈ নামি অহা এনে আকস্মিক মৃত্যুৰ কাৰণ ক’ভিড টিকা গ্রহণ নেকি বুলি বিভিন্নজনে সন্দেহ প্রকাশ কৰি অহাৰ মাজতে এই ধাৰণা নুই কৰিছে আইচিএমআৰৰ প্ৰতিবেদনে। পৰিৱৰ্তিত জীৱনশৈলী, অতিৰিক্ত সুৰাপান হ’ব পাৰে কাৰণ
গৱেষকসকলে কয়, ‘ক’ভিড-১৯ৰ টিকাকৰণে ভাৰতত যুৱচামৰ মাজত হঠাতে বৃদ্ধি হোৱা ব্যাখ্যাতীত আকস্মিক মৃত্যুৰ কাৰণ নহয়। ক’ভিড কালত হাস্পতালত চিকিৎসাধীন হোৱা, আকস্মিক মৃত্যুৰ পাৰিবাৰিক ইতিহাস সম্পন্নৰো আৰু কিছুমান নির্দিষ্ট জীৱনশৈলীৰ বাবে এনে আকস্মিক মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।’ উল্লেখ্য যে কোনো ধৰণৰ জটিল ৰোগত আক্রান্ত হোৱাৰ পাছতো আৰু আপাতঃ দৃষ্টিত সুস্বাস্থ্যবান ১৮-৪৫ বছৰৰ বয়সৰ লোকৰ সংখ্যা শেহতীয়াভাবে দেশত বৃদ্ধি পাইছে। ইয়াকে লৈ দীর্ঘদিন ধৰি চৰ্চা অব্যাহত আছে। ২০২১ৰ পৰা ২০২৩ৰ মাৰ্চৰ ভিতৰত এনে আকস্মিক মৃত্যুৰ কাৰণ সন্ধান কৰিবলৈ নিয়োজিত হৈছিল আইচিএমআৰৰ গৱেষক দল।
এই দলটোৱে ক’ভিডৰ টিকাকৰণ, সংক্ৰমণ আৰু ক’ভিডৰ পাছৰ পৰিস্থিতি সন্দৰ্ভত বিভিন্নজনৰ সাক্ষাৎ গ্রহণ কৰে, তথ্য সংগ্ৰহ কৰে আৰু ৰেকৰ্ড পৰীক্ষা কৰে। তদুপৰি পৰিয়ালত আকস্মিক মৃত্যুৰ কোনো ইতিহাস আছে নেকি সেই বিষয়েও পৰীক্ষা কৰাৰ লগতে ছিগাৰেট সেৱন, কিছুমান দৰৱৰ ব্যৱহাৰ, সুৰাপানৰ তীব্ৰতা আৰু কম সময়তে অত্যধিক সুৰাপান তথা মৃত্যুৰ দুদিন পূর্বে তীব্র প্রাবল্যৰ শাৰীৰিক অনুশীলন কৰিছিল নেকি বুলি এই বিষয়বোৰ পৰীক্ষা-নিৰীক্ষা কৰে গৱেষকৰ দলটোৱে।
তেওঁলোকে কয় যে ব ক’ভিডৰ প্ৰথমটো টিকাৰ এটা টোপাল গ্ৰহণৰ পাছত আকস্মিক মৃত্যুৰ সম্ভাৱনা হ্রাস পায় আৰু দুটা টোপাল গ্ৰহণৰ পাছত অধিক হ্রাস পায় ব্যাখ্যাতীত আকস্মিক মৃত্যুৰ সম্ভাৱনা। ইয়াৰ বিপৰীতে কৰ’নাকালত সংক্রমিত হৈ চিকিৎসাধীন হোৱা, মৃত্যুৰ ৪৮ ঘণ্টা পূর্বে কম সময়ৰ ভিতৰত অত্যধিক পৰিমাণৰ সুৰা সেৱন, মনোৰঞ্জনৰ বাবে দৰৱ অথবা অন্যান্য সামগ্রী সেৱন আৰু মৃত্যুৰ ৪৯ ঘণ্টাৰ পূৰ্বে তীব্ৰ প্ৰাবল্যৰ শাৰীৰিক অনুশীলন কৰাৰ বাবে নিশ্চিতভাবে উদ্বেগজনক আকস্মিক মৃত্যুৰ সম্বন্ধ আছে।
