Barjaha Kirtan Ghar :
নগাঁও জিলাৰ বৰজহাৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূট গৃহত সিংহাসন প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে সমাপন হয় । বৰজহা কীৰ্ত্তনঘৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তিৰ কাৰ্যসূচীৰ অংশৰূপে পুৱাবেলা ভাগৱত ভ্ৰমণ আৰু দুপৰীয়া শাস্ত্ৰপাঠৰ উপৰিও নামপ্ৰসংগও অনুষ্ঠিত হয় । ঐতিহ্যমণ্ডিত গাঁওখনৰ তিনি শতাধিক লোকৰ সহযোগত পুৱাবেলা ভাগৱত শিৰত লৈ উলিওৱা শোভাযাত্ৰাই পথচাৰীৰ দৃষ্টি আকর্ষণ কৰে ।
এই শোভাযাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী গোলাপ বৰাই । এই অনুষ্ঠানত বৰজহা কীৰ্ত্তনঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন মজুমদাৰ, সম্পাদক লক্ষ্যব্ৰত বৰঠাকুৰ, সহকাৰী সম্পাদক অনিল হাজৰিকাৰ উপৰিও গায়ন বীৰেন বৰা, নামাচাৰ্য ভদ্ৰেশ্বৰ হাজৰিকা, পংকজ বৰা, বিশিষ্ট সমাজকৰ্মী হেম হাজৰিকা, যুগল বৰা, লীলাধৰ বৰা, গুণেন বৰা (নামঘৰীয়া), বিজয় বৰা, গৌৰীশংকৰ বৰা, দূৰ্লভ বৰা, পৰাগ বৰা, ধ্ৰুৱজ্যোতি বৰুৱা, বিচিত্ৰ বৰা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ।
ইয়াৰ পিছতে দুপৰীয়া বৰজহাৰ কীৰ্ত্তনঘৰত অনুষ্ঠিত হয় সমূহীয়া নামপ্ৰসংগ । গাঁওখনৰ আটাই কেইখন সমাজ একত্ৰিত হৈ ৰূপায়ন কৰা এই অনুষ্ঠানৰ নামপ্ৰসংগতো পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । হৰিনামৰ ধ্বনিয়ে আজি নিনাদিত কৰি তোলে বৰজহাৰ আকাশ-বতাহ । কলং সুঁতিৰ পাৰে পাৰে জিলিকি উঠে সমন্বয় আৰু সম্প্ৰীতিৰ দলিছা ।
উল্লেখ্য যে, এই ঐতিহ্যমণ্ডিত বৰজহাতেই মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য কেশৱচৰণ আতাই সত্ৰ স্থাপন কৰিছিল । সি সত্ৰ সম্প্ৰতি বিস্তৃতিৰ গৰ্ভত লীন হৈছে যদিও অম্লান হৈ আছে বৰজহাৰ ঐতিহ্য আৰু আজিও সজীৱ হৈ আছে মহাপুৰুষীয়া সংস্কৃতি ।






























