Goalpara Eviction:স্থগিতাদেশ নিদিলেও পুনৰ সংস্থাপন নোহোৱালৈ আশ্রয়-খাদ্য দিবলৈ নির্দেশ

আজি পুৱাৰে পৰা পুনৰপাইকানৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ

eviction mmm

 Goalpara Eviction:

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৬ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰ সাজু হোৱা উচ্ছেদ অভিযানত ন্যায়ালয়ে কোনো স্থগিতাদেশ জাৰি নকৰিলে। চৰকাৰৰ এই সিদ্ধান্তত স্থগিতাদেশ বিচাৰি অঞ্চলটোত বাস কৰা ১৯৪ জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে এখন লেখ আবেদন দাখিল কৰিছিল। আজি এই আবেদনৰ শুনানি অনুষ্ঠিত হয়। আবেদনকাৰীৰ লগতে চৰকাৰী পক্ষৰো শুনানি ন্যায়ালয়ে গ্ৰহণ কৰে যদিও প্ৰস্তাৱিত উচ্ছেদৰ ক্ষেত্ৰত কোনো স্থগিতাদেশ জাৰি নকৰিলে।

অৱশ্যে ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে পুনৰ সংস্থাপনৰ ব্যৱস্থা নোহোৱা পর্যন্ত বন বিভাগে আবেদনকাৰী লোকসকলৰ বাবে বিকল্প আশ্ৰয় আৰু পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা কৰিব লাগিব। লেখ আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২১ জুলাই ধাৰ্য কৰে ন্যায়ালয়ে। প্রসংগক্রমে উল্লেখ্য যে বন বিভাগৰ তথ্য অনুসৰি, সংৰক্ষিত বনাঞ্চলখনৰ ভূমি বেদখল কৰি ১,০৮০টা পৰিয়ালে বাস কৰি আছে। তেওঁলোকক ২০২৪ৰ ডিচেম্বৰৰ ভিতৰতে বেদখলী ভূমি খালী কৰি দিয়াৰ জাননী দিয়া হৈছিল; কিন্তু সেই জাননীক কোনেও গুৰুত্ব প্ৰদান নকৰিলে।

ইপিনে, পূৰ্বৰ সিদ্ধান্ত অনুসৰি, আজি বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ কথা আছিল যদিও ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ জুম্মা নামাজ থকাৰ বাবে শনিবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান ৷ ইতিমধ্যে সষ্টম হৈ আছে আৰক্ষীৰ বৃহৎ বাহিনী ৷

Exit mobile version